বঙাইগাঁৱৰ প্ৰতিবেদক
শুকুৰবাৰে চিৰাং জিলাৰ কাজলগাঁৱত ২০ সংখ্যক 'কাৰ্গিল বিজয় দিৱস' পালন কৰা হয় ৷ উল্লেখ্য যে ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত পাকিস্তানক পৰাজিত কৰি কাৰ্গিল পুনৰ দখল কৰিছিল ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে এই 'কাৰ্গিল বিজয় দিৱস' পালন কৰি অহা হৈছে ৷ সেই অনুসৰি জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী আনন্দবজাৰত বাহৰ পাতি থকা ৫৪ নং এছএছবিৰ উদ্যোগত কাজলগাঁৱৰ গ্ৰাম্য স্ব-নিৰ্ভৰশীল প্ৰশিক্ষণ কেন্দ্ৰত পালন কৰা বিজয় দিৱসৰ কাৰ্যসূচীত ভাৰত আৰু পাকিস্তানৰ সেনাৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ ভিডিঅ' প্ৰদৰ্শন কৰা হয়।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলাখনৰ সীমান্তৱৰ্তী গাঁৱৰ ১০ গৰাকী নিৱনুৱা তথা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱতীক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰাৰ লগতে বাহিনীটোৰ ক'মাণ্ডেণ্ট বলৱান সিঙে এমহীয়া প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে।
এই প্ৰশিক্ষণ কেন্দ্ৰটোত আন ২০ গৰাকী যুৱতীকো একেলগে ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা চিলাইৰ প্ৰশিক্ষণ দিয়া হ'ব । অনুষ্ঠানটোত বাহিনীটোৰ দ্বিতীয় ক'মাণ্ডেণ্ট বি আৰ চৌহানৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালক পুতুল বসুমতাৰী উপস্থিত থাকে৷ অনুষ্ঠানত বাহিনীটোৰ ক'মাণ্ডেণ্ট বলৱান সিঙে সীমান্ত অঞ্চলত এছএছবিৰ চিভিক একশ্বন আঁচনিৰ জৰিয়তে শিক্ষা আৰু উন্নয়নৰ কাম অব্যাহত ৰাখি মানুহৰ মাজৰ পৰা আতংকময় পৰিৱেশ আঁতৰ কৰিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷
- Log in to post comments
- 6 views