মঙলবাৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগৰ প্ৰসংগত অসম প্ৰদেশ মহিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত মহানগৰীৰ মানবেন্দ্ৰ শৰ্মা ক্ষেত্ৰৰ পৰা দিছপুৰ লাষ্ট গে'টলৈকে এক সমদল উলিওৱা হয় । হাতে হাতে বিভিন্ন শ্লোগান লিখা প্লে' কাৰ্ড লৈ দিছপুৰৰ ৰাজপথলৈ ওলাই আহে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ শতাধিক কৰ্মী ।

ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰ হায় হায়, বিজেপি মন্ত্ৰী-বিধায়কৰ দ্বাৰা চলি থকা ধৰ্ষণ-নিৰ্যাতনৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নীৰৱ কিয় জবাব দিয়ক, মহিলা সুৰক্ষাৰ নামত বিজেপি চৰকাৰৰ ভেঁকো-ভাওনা নচলিব,
বেটী বচাওৰ নামত বেটী ধৰ্ষণ বন্ধ কৰক, ৰাজেন গোঁহাই ধর্ষণকাৰী, বিজেপি চৰকাৰৰ পৰা অসমৰ কন্যাক বচাওক, অসম প্ৰদেশ মহিলা কংগ্ৰেছ জিন্দাবাদ, ৰাজেন গোঁহাই মুর্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তুলিলে দিছপুৰৰ ৰাজপথ ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দে', অসম প্ৰদেশ মহিলা সমিতিৰ সভানেত্ৰী শ্বেহনাজ য়াচমিন হক আৰু ববিতা শৰ্মা উপস্থিত থাকে ।
দিল্লীৰ পৰা আহি প্ৰতিবাদত উপস্থিত হোৱা সুস্মিতা দে'য়ে জনায় যে ৰাজেন গোঁহাই এজন কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছতো তেওঁ সেই পদটোৰ সন্মান কৰিব জনা নাই । অসম চৰকাৰে এজন ধর্ষণকাৰীক কিয় সুৰক্ষা দি আছে সেইটো আচৰিত কথা ।

ৰাজেন গোঁহাইৰ ফোন ৰেকৰ্ডিঙত তেওঁ মহিলাগৰাকীৰ স্বামীক ভাবুকি দিয়া দেখা গৈছে । তথাপিও এজন ধর্ষণকাৰীয়ে কেনেকৈ মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব পৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৷
আনহাতে, গোচৰটো উঠাই লোৱা মানেই যে তেওঁ দোষী নহয় সেইটো বুজিব নোৱাৰি । কাৰণ ইয়াত হয়তো ৰাজনৈতিক ষড়যন্ত্ৰও থাকিব পাৰে ৷ ইয়াৰ দ্বাৰা অসমৰ মহিলাসকলৰ বাবে ভাবুকিৰ সৃষ্টি হ'ব বুলি ববিতা শৰ্মাই মন্তব্য কৰে ।

লগতে প্ৰতিবাদী সমদলৰ শেষত ৰাজেন গোঁহাইৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে । আনহাতে, ৰাজেন গোঁহাইক অতি সোনকালে গ্ৰেপ্তাৰৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
- Log in to post comments
- 8 views
