মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ভাৰতীয় চিকিৎসক সংস্থাৰ বঙাইগাঁও জিলা সমিতিৰ এক লাখ টকাৰ চেক প্ৰদান

bgn

বঙাইগাঁওঃ

ৰাজ্যৰ বৰ্তমানৰ স্পৰ্শকাতৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বানাক্ৰান্তক সহায়ৰ অৰ্থে জনহিতৈষী সামাজিক সংস্থা সমূহ আগুৱাই আহিছে। আজি তেনে এক উদ্দেশ্যেৰে আগবাঢ়ি অহা ভাৰতীয় চিকিৎসক সংস্থাৰ বঙাইগাঁও জিলা সমিতিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ জিলা উপায়ুক্ত আদিল খানৰ হাতত বানসাহায্য হিচাবে এক লাখ টকাৰ চেক প্ৰদান কৰে ৷ উল্লেখ্য যে সংস্থাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ডাঃ শংকৰ কুমাৰ দাস, সাধাৰণ সম্পাদক ডাঃ সমিক দেৱ আদিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তগৰাকীৰ হাতত এই বান সাহায্যৰ চেক প্ৰদান কৰে ৷ 

Your Comments