দলগাঁও, ২৭ জুলাই :
কেচাঁ শাক -পাচলিৰ বাবে অসম বিখ্যাত দৰঙৰ খাৰুপেটীয়াৰ গাতে লাগি থকা বালুগাৱৰ বজাৰত শাক -পাচলিৰ ব্যাপক মূল্য বৃদ্ধিয়ে বানবিধস্ত ৰাইজক চিন্তিত কৰি তুলিছে।বানত সৰ্বশ্ৰান্ত হোৱা অঞ্চলটোৰ বহু লোকে বজাৰত শাক-পাচলিৰ গগনচুম্বী মূল্যৰ বাবে এতিয়া বজাৰৰ ওচৰচাপিব নোৱাৰা এক পৰিবেশে বিৰাজ কৰিছে।
এই সম্পৰ্কত আমি লাভ কৰা তথ্য মতে খাৰুপেটীয়া বালুগাঁও পাইকাৰী বজাৰত প্ৰতিকিলোত বেঙেনাত - ৩০ পৰা ৩৫ টকা, ভোল-৩০ - ৪০টকা, জলকীয়া-১১০ টকা, কবি-১৪ পৰা ১৭ টকা, কেৰেলা - ৩০-৩৫ টকা, পতল - ৪০ টকা, অমিতা-৩০ টকা, লেচেৰা-৪৫ টকা, গাজৰ - ৬০ টকা।অঞ্চলটোৰ বানাক্ৰান্ত সাধাৰণ গঞা ৰাইজৰ বাবে ইমান দামৰে পাচলি কিনি খোৱাটো বৰ্তমান এটা সপোন হৈ পৰিছে। হঠাৎ বজাৰত কেচাঁ শাক-পাচলিৰ আকালঙঘী মূল্যই বানপীড়িত ৰাইজক চিন্তিত কৰি তুলিছে | চৰকাৰ নাইবা প্ৰশাসনৰ এইক্ষেত্ৰত হস্তক্ষেপ কামনা কৰিছে স্থানীয় ৰাইজে।
- Log in to post comments
- 7 views