চিৰাঙত বানৰ কৱলত আছে ১৭ খন গাঁও:বানাক্ৰান্তক বি জি আৰ উপনগৰীবাসীৰ সাহায্য সামগ্ৰী বিতৰণ

bgn

বঙাইগাঁওঃ 

অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত বিভিন্ন অঞ্চলৰ লগতে চিৰাং জিলাৰো বিস্তীৰ্ণ অঞ্চল ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা বাঢ়নী পানীৰ ফলত আই নদী আৰু ইয়াৰ উপনৈসমূহ উফন্দি উঠি দাতিকাষৰীয়া অঞ্চলসমূহ বুৰাই পেলাই ঘৰ -বাৰী , খেতিপথাৰ উচ্ছন্ন কৰি পেলাইছে । বাঢ়নি পানীয়ে কেবাঠাইতো ৰাস্তা-ঘাট , দলং আদি ভাগি পেলোৱাৰ ফলত একাংশ ৰাইজ আন ঠাইৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে। চৰকাৰী সূত্ৰমতে জিলাখনৰ ১৭ খন ৰাজহ গাঁৱৰ প্ৰায় ৪,৫৪৫ জন লোক এতিয়াও বানৰ কৱলত আছে । সেইদৰে জিলাখনৰ ক্ষতিগ্ৰস্ত এলেকাসমূহত স্থাপন কৰা ১২ টা আশ্ৰয় শিবিৰত ৩,৪৬৫ জন লোকে বৰ্তমানেও আশ্ৰয় গ্ৰহণ কৰি আছে। ইপিনে শিবিৰ সমূহত জীয়াতু ভোগা বানাক্ৰান্তসকলৰ বাবে চৰকাৰীভাবে সাহায্যৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন  হৈছে।bgn2

ইপিনে এনে সময়তে শিবিৰসমূহত থকা বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বাসিন্দাসকল। ভাৰতীয় তেল নিগম বিষয়া সন্থাৰ বঙাইগাঁও শোধনাগাৰ গোটৰ উদ্যোগত আৰু শোধনাগাৰৰ লগত জড়িত মহিলা সন্থা, ক্লাৱ, আদিৰ সহযোগত যোৱা ২৪ জুলাইত উপনগৰীৰ আবাসীসকলৰ পৰা বিভিন্ন সাহায্য সামগ্ৰী সংগ্ৰহ কৰা হয় ৷ পিছত এই সাহায্য সামগ্ৰীসমূহ চিৰাং জিলাৰ দণ্ডাধীশৰ পৰামৰ্শ অনুসৰি প্ৰশাসনৰ সহযোগত জিলাখনৰ ৫ টা আশ্ৰয় শিৱৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰা হয়। উপনগৰীবাসীৰ পৰা সংগ্ৰহ কৰি বিতৰণ কৰা তিনি ট্ৰাক বিভিন্ন সামগ্ৰীৰ ভিতৰত আছে শিশু খাদ্যকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী, চেনিটাৰী নেপকিন, মহ খেদোৱা ধূপ, নতুন বিচনা চাদৰ, টাৱেল, ব্লাউজকে ধৰি মহিলাৰ ব্যৱহাৰযোগ্য বস্ত্ৰ আদি। সামগ্ৰীসমূহ লাভ কৰি শিৱিৰত দুৰ্বিহ জীৱন কটোৱা দুৰ্গত ৰাইজে যথেষ্ট সকাহ অনুভব কৰে আৰু বি জি আৰ উপনগৰীবাসীৰ শ'লাগ লয়।

Your Comments