বৰভ‍াগত পশু  চিকিৎসা শিবিৰ সম্পন্ন

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছি ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত ভানুকুছি (শিমলীয়া) গাঁৱত এটি পশু চিকিৎসা শিবিৰ অনুস্থিত হৈ যায়। উল্লেখ্য যে, ডাঃ সুশীল চন্দ্ৰ তালুকদাৰৰ তত্বাৱধানত বৃহস্পতিবাৰে  অনুস্থিত হোৱা উক্ত শিবিৰত  গৰু-ছাগলী, হাঁহ-কুকুৰাৰ বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ উপৰিও বেজি চেলাইন আৰু প্ৰতিষেধক চিতা প্ৰদান কৰা হয়।উল্লেখ্য যে, বৰভাগৰ  বানপীড়িত অঞ্চলত শেহতীয়াভাৱে পশুধন বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সময়তে চিকিৎসা শিবিৰটোৱে বানপীড়িত লোকক কিছু পৰিমাণে সকাহ দিবলৈ সক্ষম হৈছে। উক্ত কাৰ্য্যসূচী ৰূপায়নত  ক্ৰমে ক্ষেত্ৰ সহায়ক  আইজুদ্দিন আহমেদ, প্ৰকাশ কলিতা, হাৰেজ আলী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিনেশ কলিতা আৰু মদন কলিতাই সহযোগিতা আগবঢ়ায়। একেদৰে,  ভানুকুছি গাওঁৰ  গাঁওবুঢ়া গোবিন্দ কলিতাই উক্ত শিৱিৰটো সম্পন্ন কৰাত  সহযোগ আগবঢ়ায়।

Your Comments