নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা :
এক মনোৰম সত্ৰীয়া শৈলীৰ অনুষ্ঠানৰে ২৫ জুলাইৰ সন্ধিয়া মুখৰিত হৈ পৰিল নগাঁৱৰ খুটিকটীয়া অঞ্চল । ১৯৭৪ চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁৱৰ অন্যতম শংকৰী কলা-কৃষ্টিৰ সাংস্কৃতিক অনুষ্ঠান 'প্ৰগতি সমাজ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনন্য সত্ৰীয়া শৈলীৰ অনুষ্ঠানে জিলিকাই তুলিলে কলংপৰীয়া অঞ্চলটোক । দ্বীপজ্যোতি নাথ আৰু কবিতা দাসৰ বৰগীতৰে শুভাৰম্ভ হোৱা এই বৰ্ণিল অনুষ্ঠানটিত কৃষ্ণ নৃত্য , চালি নৃত্য , দশাৱতাৰ নৃত্য , লৱণু চুৰিৰ অভিনয় , গায়ন-বায়ন আদি পৰিবেশন কৰে একাংশ শিশু আৰু চেমনীয়াই ।
প্ৰগতি সমাজৰ স্থায়ী মঞ্চত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদকপ্ৰাপ্ত শিল্পী নগাঁৱৰ পুনিৰাম বৰা , মাজুলীৰ দেবেন চন্দ্ৰ ভূঞা আৰু ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল'শ্বিপপ্ৰাপ্ত নলবাৰীৰ সনাতন বৈশ্যক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক আদৰণি জনোৱা হয় । ইফালে এই অনুষ্ঠানটিতে প্ৰতিভাৱান শিল্পী প্ৰিয়ংকা খাটনিয়াৰে মাধৱদেৱ বিৰচিত বৰগীত পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি স্হানীয় যুৱকসকলে পৰিবেশন কৰা গায়ন-বায়নৰ জোৰাৰে সামৰণি পৰে
- Log in to post comments
- 40 views