বৰ্তমানো বানৰ কৱলত বঙাইগাঁও জিলাৰ ১১৯ খন গাঁও : আক্ৰান্ত ১,৮৭,৯৪২ লোক

বঙাইগাঁওঃ 

বঙাইগাঁও জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নতিৰ দিশত আগবাঢ়িছে ।যোৱা তিনি সপ্তাহত জিলাখন দ্বিতীয় বাৰৰ বাবে অভাৱনীয়ভাৱে বানত আক্ৰান্ত হৈছিল যদিও বতৰ কিছু ভাল হোৱাত এতিয়া জিলাখনৰ বানপৰিস্থিতি ক্ৰমাৎ উন্নত হ'ব ধৰিছে। বৰ্তমান জিলাখনৰ তিনিওখন মুখ্য নদী ক্ৰমে ব্ৰহ্মপুত্ৰ, আই আৰু আই-মানাহৰ জলধাৰা বিপদ সীমাৰ তলেৰে বৈ আছে আৰু ক্ৰমাৎ নিম্নগামী জলপৃষ্ঠৰ ধাৰাবাহিকতা অটুট আছে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৩৫.৯৪ মিটাৰ , আই নদীৰ ৪৩.৯৪ মিটাৰ আৰু আই-মানাহৰ ৩৮.২১মিটাৰ । যোৱা ২৪ ঘণ্টাত সৰু ডাঙৰ কোনো ধৰণৰ বৰষুণ নোহোৱা হেতুকে বানাক্ৰান্ত বহু গাঁও বানমুক্ত হৈছে। ডাংতল আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত সকলো গাঁৱেই জলমুক্ত হৈছে আৰু সৃজনগ্ৰাম, বিজনী আৰু বইটামাৰী ৰাজহ চক্ৰৰ বানাক্ৰান্ত গাঁৱৰ সংখ্যাতো  ইপ্সিত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। সৃজনগ্ৰাম ৰাজহ চক্ৰত প্লাৱিত গাঁওৰ সংখ্যা কমি আজি ৫৫ খন হৈছে ৷ সেইদৰে বিজনী ৰাজহ চক্ৰত ৩৫ খন আৰু বইটামাৰী ৰাজহ চক্ৰত ২৯ খন হৈছে। তৎস্বত্বেও জিলাখন বৰ্তমানলৈকে জিলাখনৰ মুঠ ১১৯ খন গাঁও বানৰ কৱলত আছে ৷bgn2

একেদৰে জিলাখনৰ সৰ্বমুঠ বানপীড়িতৰ সংখ্যাও পূৰ্বৰ ২,৫২,৮৫০ জনৰ ঠাইত কমি ১,৮৭,৯৪২জন হৈছে। বৰ্তমান বিজনী ৰাজহ চক্ৰত ১৩ টা সাহায্য শিবিৰ, সৃজনগ্ৰাম ৰাজহ চক্ৰত ৫৯ টা সাহায্য কেন্দ্ৰ আৰু বইটামাৰী ৰাজহ চক্ৰত ৮ টা সাহায্য শিবিৰ কৰ্যক্ষম হৈ আছে আৰু এই শিবিৰ বোৰত আশ্ৰিত ১৩,৫৪২ বান শৰণাৰ্থী আৰু অন্য বানপীড়িতলৈ অহৰহ প্ৰয়োজনীয় সেৱা আগবঢ়াই আছে ৷ ইপিনে বৰষুণ নোহোৱাৰ বাবে বানৰ ফলত হোৱা বিভিন্ন ক্ষয় -ক্ষতিৰ বুজ লবলৈ কৰিবলগীয়া প্ৰয়োজনীয় জৰীপ সম্ভৱ হৈ উঠিছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন বিভাগৰ অধীনত এই কাম পূৰ্ণ গতিত চলাই থকা হৈছে। সংশ্লিষ্ট বিভাগে বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰি ৰাস্তা-ঘাট, মাথাউৰি, দলং, কালভাৰ্ট আদিৰ ক্ষেত্ৰত হোৱা ক্ষয় -ক্ষতিৰ বুজ লৈ প্ৰয়োজনীয় ব্যৱস্থা আৰম্ভ কৰিছে। উন্নয়নৰ দায়িত্বত থকা জিলা প্ৰশাসনৰ সকলো বিভাগেই নিজৰ বিভাগীয় ক্ষমতাৰে বানাক্ৰানন্তৰ সাহায্য, আৰু পুনৰ সংস্থাপনৰ কাম পূৰ্ণদ্যমে চলাই আছে। জিলা সমাজ কল্যান বিভাগৰ তৰফৰ পৰা আশ্ৰয় শিবিৰৰ শিশু, গৰ্ভৱতী মহিলা তথা প্ৰসূতি মাতৃক পুষ্টিকৰ খাদ্য যোগান ধৰি আছে।জনস্বাস্থ্য কাৰিকৰীয়ে খোৱা পানীৰ উৎসসমূহ বীজাণু মুক্ত কৰাৰ বাবে ব্যৱস্থা অব্যাহত ৰাখিছে। ঠিক সেইদৰে পশু চিকিৎসা আৰু পশুপালন বিভাগে বানাক্ৰান্ত পোহনীয়া জীৱ- জন্তুক প্ৰয়োজনীয় প্রতিষেধক আৰু চিকিৎসা আগবঢ়াই আছে। ইয়াৰ উপৰিও ২৫ টাকৈ নিয়োজিত চিকিৎসকৰ দলে অহৰ্নিশে চিকিৎসা সেৱা যোগান ধৰি আছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফ দল সমূহকো যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে ৷ চৰকাৰী তথ্য মতে যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৯১৫.৪৮২ কুইন্টল চাউল, ১৭৯.১৬২কুইন্টল দাইল, ৪১.২১৩৪ কুইন্টল নিমখৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্ত লোকসকলৰ মাজত বিতৰণ কৰা হৈছে।

Your Comments