বঙাইগাঁওঃ
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দেওশ্ৰীত গোৰ্খা ব্ৰাদাৰ্ছ এফ চিৰ উদ্যোগত আৰু দেওশ্ৰী আবাসিক কোচিং চেণ্টাৰৰ সাহায্যাৰ্থে আজি এখনি প্ৰদৰ্শনিমূলক ফুটবল খেল অনুষ্ঠিত হয়। খেলখনত অংশগ্ৰহণ কৰে আফ্ৰিকান একাদশ আৰু গোৰ্খা ব্ৰাদাৰ্ছ এফ চিয়ে । প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত আফ্ৰিকান একাদশে গোৰ্খা ব্ৰাদাৰ্ছ এফ চিক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে। বিজয়ী দলৰ হৈ চামুৱেল বোটেঙে ২৮ আৰু ৩২ মিনিটত গ'ল দুটা স্ক'ৰ কৰে। খেলখন উদ্বোধন কৰে আগছুৰ সভাপতি প্ৰেম টামাঙে। খেল পৰিচালনা কৰে হাবিব ঔৱাৰীয়ে। খেলখনত সৰ্বভাৰতীয় ফুটবল সন্থা আৰু অসম ফুটবল সন্থাৰ ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে।
- Log in to post comments
- 8 views