দলগাৱঁৰ প্রতিবেদক :
দলগাওঁ সাহিত্য সভা, দলগাওঁ মইনা পাৰিজাতৰ উদ্যোগত আৰু দলগাওঁ আঙ্গিকৰ সহযোগত অনুষ্ঠিত হোৱা তিনিদিনীয়া চিত্ৰ কৰ্মশালা খনৰ আজি সামৰণি পৰে। উল্লেখ্য যে দলগাওঁ জিনিয়াছ গ্লোৱেল একাডেমী প্ৰাংগনত অনুষ্ঠিত হৈ যোৱা উক্ত কৰ্মশালা খনৰ প্ৰশিক্ষক হিচাপে আছিল দলগাঁৱৰ নিবাসী তথা গোলাঘাটত কৰ্মৰত চিত্ৰশিল্পী বিশ্বজ্যোতি বৰ্ণিল বৰুৱা । অনুষ্ঠানটো আঁত ধৰে শাখা সাহিত্য সভাৰ সম্পাদক ধীৰেণ নাথ শইকীয়াই।সামৰণি অনুষ্ঠানত ৰেজিনা বেগম, দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ ঘোষ, ধীৰেণ নাথ শইকীয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত দীপালি বড়ো,সাধন কুমাৰ মজুমদাৰ, তুলাধৰ শইকীয়া,বাছিৰ আহমেদ, নকুল চৌধুৰী, জাকিৰ হুছেইন আদি বিশিষ্ট লোক সকলো উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰা উক্ত কৰ্মশালাখনত ধীৰেন নাথ শইকীয়াৰ সদ্য প্ৰকাশিত পুথি "সাধু-গল্পৰ মোহিনী" নামৰ কিতাপ একোখনকৈ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলক উপহাৰ দিয়ে।
- Log in to post comments
- 32 views