দিচাংমুখৰ ২০০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত সতীৰ্থ ৯৭ৰ বান সাহায্য প্ৰদান

satirtha

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

শিৱসাগৰ চহৰৰ পৰা ১৭ কিঃমিঃ নিলগৰ বানে গৰকা দিচাংমুখৰ অতি ভিতৰুৱা অঞ্চল গড়ভগা, চৰাইপৰা আৰু চুমনী গাঁৱত মংগলবাৰে "সতীৰ্থ ৯৭"য়ে ২০০ টা পৰিয়ালৰ মাজত বান সাহাৰ্য প্ৰদান কৰে। কিছু দিনৰ পূৰ্বে দিচাংমুখৰ এক বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল। সেই সময়ত এই লোকসকলে  নিজৰ ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় লৈ থাবিলগীয়া  হৈছিল। বৰ্তমান পানী হ্ৰাস পাইছে  যদিও এই সমুহ অঞ্চলত বানাক্ৰান্ত ৰাইজে খাদ্যৰ বাবে, পিন্ধিবলৈ এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে।চৰকাৰ তথা প্ৰশাসনৰ পৰা কিছু সাহাৰ্য লাভ কৰিছে যদিও অঞ্চল সমুহ অতি ভিতৰুৱা হোৱাৰ বাবে বান সাহাৰ্যৰ পৰা বঞ্চিত হৈছে গটঙা, গড়ভগা, চৰাইপৰা, ভিতৰ লিগিৰীবাৰী,বলমা, শৰাগুৰি চাপৰি, মাজৰবাৰী, ৰূপহীমূখ, আদি অঞ্চল। sib

সতীৰ্থ ৯৭ ৰ সদস্যসকলে এই অঞ্চল সমূহৰ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ গৈ বুধবাৰে বান সাহাৰ্য প্ৰদান কৰে। গড়ভঙা, চৰাইপৰা আৰু চুমনী গাঁৱৰ প্ৰায় ২০০টা পৰিয়ালক প্ৰদান কৰে বান সাহাৰ্য। সতীৰ্থ ৯৭ যে প্ৰতিটো পৰিয়ালক ২ কেজি চাউল, ৩০০ গ্ৰাম দাইল, ২০০ গ্ৰাম, মিঠাতেল, শিশুৰ বাবে আমোল টাজা এক পেকেট, ব্ৰেড এক পেকেট,  বিশুদ্ধ পানী, মেক্স', মমবাতি, জুইশালা, ফেনাইল আৰু কাপোৰ প্ৰদান কৰে। সতীৰ্থ ৯৭ৰ এই বান সাহাৰ্য লাভ কৰি অঞ্চলবাসীয়ে কিছু স্বস্তি লাভ কৰাৰ লগতে সতীৰ্থ ৯৭ৰ সকলো সদস্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে সতীৰ্থ ৯৭ য়ে এই বান সাহাৰ্যৰ কাৰ্যসূচী সম্পূৰ্ণ নিজা প্ৰচেষ্ঠাৰে চলাই গৈছে। দোকান পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দান বৰঙণি সংগ্ৰহ নকৰি সতীৰ্থ ৯৭ সকলো সদস্যই নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী বৰঙণি বা সামগ্ৰী প্ৰদান কৰি বানপীড়িত ৰাইজৰ বাবে সাহাৰ্য যোগান ধৰে। বান সাহাৰ্য প্ৰদান কাৰ্যসূচীত সতীৰ্থ ৯৭ ৰ সভাপতি আটিশ গুপ্তা, সম্পাদক পাৰ্শ্বজ্যোতি গগৈ,  কুমুদ দিহিঙ্গীয়া, ৰাজীৱ শৰ্মা,পবিত্ৰ টায়ে, সৌমাৰ জ্যোতি শইকীয়া, শ্যামকানু বৰুৱাৰ লগতে সতীৰ্থ ৯৭ ৰ শুভাকাংশী পূৰ্ণিমা দিহিঙ্গীয়া, জেচমিন দে , বিশ্বজিৎ দত্ত আৰু পংকজ চেতিয়াই অংশগ্ৰহণ কৰে। 

উল্লেখ্য যে সতীৰ্থ ৯৭  শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ ৯৭বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ সকলৰ এক অনুষ্ঠান।

Your Comments