শুক্ৰবাৰে দৰং মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

darrang

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৪সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা শুক্ৰবাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰতিষ্ঠা দিৱসৰ এই দিনটোৰ পৰাই মহাবিদ্যালয় কৰ্তৃপক্ষই মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । শুক্ৰবাৰৰ পুৱাৰ পৰা আৰম্ভ হ'বলগীয়া অনুষ্ঠানটোৰ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মহাবিদ্যালয়
কৰ্তৃপক্ষই । মহাবিদ্যালয়ৰ মূল তোৰণখন শুক্ৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে বিভিন্ন ন্যাসৰ শৈক্ষিক বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি অধ্যক্ষ ডঃ জয় শংকৰ হাজৰিকাই জনাইছে ।nagao

প্ৰতিষ্ঠা দিৱসৰ শুক্ৰবাৰৰ এই  দিনটোতে দিনৰ ১বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা (এলুমনি)ৰ বাৰ্ষিক সাধাৰণ সভাৰো আয়োজন কৰা হৈছে । প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা(এলুমনি)ৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিতব্য সভাত চলিত বৰ্ষৰ হিচাপ দাখিলৰ লগতে আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান,মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সন্দৰ্ভত আলোচনা, সংস্থাৰ ৰূপালী জয়ন্তী সন্দৰ্ভত আলোচনা আৰু কাৰ্যনিৰ্বাহক সমিতিত আমন্ত্ৰিত সদস্যৰ অন্তভূৰ্ক্তি শীৰ্ষক বিষয়ত আলোচনা হ'ব । সাধাৰণ সভাত সকলো সদস্যৰ উপস্থিতি সাধাৰণ সম্পাদক ডঃ মনোজ কুমাৰ হাজৰিকা আৰু যুটীয়া সম্পাদক পংকজ বৰুৱাই কামনা কৰিছে ।

Your Comments