৩০জনকৈ অবৈধ বাংলাদেশীক উভতাই পঠিয়ালে বাংলাদেশলৈ

karimganj

কৰিমগঞ্জৰ পৰা শম্ভু দাস চৌধুৰীৰ প্রতিবেদন : 

আজি ৩০জনকৈ অবৈধ বাংলাদেশীক উভতাই পঠোৱা হল বাংলাদেশলৈ | কৰিমগঞ্জ জিলাৰ কালীবাড়ী চেক পোষ্টৰ ফেৰীঘাট হৈ সীমান্তৰক্ষী বাহিনীৰ স্পীড বোট সহায়েৰে উক্ত লোক কেইজনক কুশিয়াৰা নৈ অতিক্ৰম কৰাই বাংলাদেশৰ জকিগঞ্জৰ বৰ্ডাৰ গাৰ্ডৰ হাতত গতাই দিয়ে কৰিমগঞ্জৰ আৰক্ষী আৰু সীমান্ত ৰক্ষী বাহিনীয়ে। karimganj

উল্লেখ্য যে দীৰ্ঘ কেইবা বছৰৰ পিছত মুকলি আকাশৰ তললৈ আহিল অবৈধ ভাবে ভাৰতত প্ৰৱেশৰ অপৰাধত কৰি গ্ৰেপ্তাৰ বৰণ কৰি ভাৰতৰ  জেলত আবদ্ধ হৈ অহা উক্ত বাংলাদেশী সকল | বিভিন্ন সময়ত তেঁওলোক অসমৰ কৰিমগঞ্জ, ধুবুৰীকে ধৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু পশ্চিমবংগ সীমা অতিক্ৰম কৰি অবৈধ ভাবে ভাৰতত প্ৰবেশ কৰিছিল ।উল্লেখ্য যে পাচপোৰ্ট  আৰু ভিছা অবিহনে ভাৰতত প্ৰবেশ কৰাৰ অপৰাধত এই ৩০ জন বাংলাদেশী লোকক অসমৰ ১৮খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।পৰৱৰ্তী সময়ত ভাৰতীয় আইন অনুসৰিয়ে উক্ত লোক কেইজনক অসমৰ শিলচৰ, গোলাঘাট, যোৰহাট, কোকৰাঝাৰ, তেজপুৰ, গোৱালপাৰা সহ ৬টা ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা হৈছিল। banga

লোক কেইজনৰ শাস্তিৰ ম্যাদ উকলি যোৱাৰ পিছত দুয়োখন দেশৰ মাজত প্ৰচলিত নিয়ম-নীতি মতেই আজি বাংলাদেশৰ হাতত প্ৰত্যাবৰ্তন কৰা হয় ।আজি প্ৰত্যাৰ্পন কৰা ৩০জন লোকৰ মাজত ২৭জন পুৰুষ আৰু ৩জন মহিলা আছিল।ইফালে দীৰ্ঘ বন্দীত্বৰ অন্তত আজি নিজ দেশলৈ উভতি যোৱাত উৎফুল্লিত হৈ পৰা দেখা যায় লোক কেইজনক।

Your Comments