জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত : চিৰাঙৰ কাজলগাঁৱত শিশুৰ মৃত্যু 

bgn

বঙাইগাঁওঃ

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত আছে । স্বাস্থ্য বিভাগৰ ব্যৰ্থতা উদঙাই এই ৰোগত মৃত্যুৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । বিটিএডিৰ চিৰাং জিলাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত  প্ৰথমগৰাকী শিশু মৃত্যুমুখত পৰিছে । প্ৰাপ্ত তথ্য মতে চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী মংলাগাঁও নিবাসী উদয় সৰকাৰৰ একমাত্ৰ পুত্ৰ উজ্জ্বল সৰকাৰ ( ৩ )ৰ বিগত ১০ দিন মান পূৰ্বে অতিপাত জ্বৰ হোৱাত প্ৰথমতে বঙাইগাঁৱৰ চেইন্ট আগষ্টিন হাস্পতাল আৰু পৰৱৰ্তী সময়ত আৰোগ্য হাস্পতালত প্ৰায় এসপ্তাহ ধৰি শিশুটি চিকিৎসাধীন হৈ থাকে যদিও শিশুটোৰ শাৰিৰীক অসুস্থতা ক্ৰমাত বেয়াক ফালে ঢাল খোৱাত পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় । যোৱা শনিবাৰৰ পৰা  শিশুটি জিএমচিএইচৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল যদিও আজি দুপৰীয়া ১২ মান বজাত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে পিছত বিয়লি মংলাগাঁওস্থিত শিশুটিক নিজ বাসগৃহলৈ আনি শেষকৃত সম্পন্ন কৰা হয় । উল্লেখ্য যে জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে জিলাখনত জাপানীজ এনকেফেলাইটিছত মুঠ ৭ গৰাকী লোক আক্ৰান্ত হৈছে । ইয়াৰে আজি মৃত্যু হোৱা উজ্জ্বল সৰকাৰেই হ'ল জিলাখনৰ জাপানীজ এনকেফেলাইটিছত মৃত প্ৰথম গৰাকী ৰোগী ।

Your Comments