লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন:
বৄহস্পতিবাৰে পুৱতি নিশা লংকাৰ উদালী বজাৰত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।পুৱতি নিশা প্ৰায় ৩ মান বজাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জুইৰ সুত্ৰপাত ঘটাত নিমিষতে ওচৰত থকা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানলৈয়ো বিয়পি পৰে ।ফলত ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণৰূপে জাহ যায়।
পিছত স্থানীয় লোকে ততাতৈয়াকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু পলমকৈহে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। উল্লেখ্য যে শ্বট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰা এই অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 26 views