নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাৰ কলিয়াবৰ আৰু মিছা থানাৰ আৰক্ষীয়ে আজি এক গোপন খবৰৰ ভিত্তিত যুটীয়া ভাৱে অভিযান চলাই মিছা অঞ্চলৰ পৰা এডাল কেকোঁসাপ উদ্বাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কলিয়াবৰ থানাৰ এলেকাধীন মিছাৰ সমীপৰ নিজৰী গাঁৱৰ পৰা কেকোঁ সাপ ডাল উদ্ধাৰ কৰাৰ লগতে কেকোঁসাপৰ ব্যৱসায়ীৰ লগত জড়িত ৬জনকৈ লোকক গ্ৰপ্তাৰ কৰে। এই ব্যৱসায়ী কেইজনে কেকোঁসাপ ক্ৰয় কৰিবলৈ প্ৰস্তুতি চলাই থাকোতেই আৰক্ষীয়ে অভিযান চলাই চোৰাং ব্যৱসায়ীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী কেইজন হ'ল কলিয়াৰবব দাৰিগজিৰ নিতুল বিশ্বাস(২৬), বাকচা জিলাৰ ছিমভিজাৰ নন্দ মণ্ডল(২৪), গাইবাৰীৰ উপেন মণ্ডল(২২), চুমন মণ্ডল(২১), তামুলপুৰৰ মুনীন নাৰ্জাৰী(৪০) আৰু প্ৰণয় সাহা(২১) বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে কলিয়াবৰৰ নিজৰি গাঁৱৰ ইউনুছ আলীৰ পৰা কেকোঁসাপ ডাল ক্ৰয় কৰিবৰ বাবে ইউনুছৰ ঘৰৰ কিছু নিলগত দৰদাম কৰি থকাৰ সময়তে আৰক্ষীয়ে ব্যৱসায়ী কেইজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইউনুছ আলীৰ ঘৰৰ পৰা কেকোঁসাপডাল উদ্ধাৰ কৰে যদিও ইউনুছ পলাই যাবলৈ সক্ষম হয়। সুত্ৰটোৱে জানিব দিয়া মতে নিতুল বিশ্বাসৰ লগত যোগাযোগ কৰি বাক্সাৰ তামুলপুৰৰ চোৰাং ব্যৱসায়ী কেইজনে কালি নিশাই কলিয়াবৰত উপস্থিত হৈছিল।
- Log in to post comments
- 21 views