জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অসম অৰুণাচল সীমান্তৰ জীয়াভৰলী নৈৰ ওপৰত থকা একমাত্ৰ পকী দলংখনৰ দুৰ্বল অৱস্থাই ৰাইজক জীয়াতু ভোগাইছে । গড়কাপ্তানী বিভাগৰ অৱহেলা আৰু উদাসীনতাৰ হেতু প্ৰায় তিনিশ মিটাৰ দৈৰ্ঘ্যৰ দলংখন সম্প্ৰতি বিধ্বস্ত হৈ পৰাত পদে পদে দুৰ্ঘটনাৰ আশংকা সৃষ্টি কৰিছে । ১৯৬২ চনতে নিৰ্মাণ কৰা দলংখন ইতিমধ্যে অৰ্ধশতিকা পাৰ হোৱাত ইয়াৰ বহন ক্ষমতাৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছে ।
উত্তৰ জামুগুৰিৰ শোণিতপুৰ জিলাৰ এই দলংখনে শোণিতপুৰ, লক্ষিমপুৰ, ধেমাজী জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত ৰাজ্যৰ অন্যান্য জিলা আৰু বহি:ৰাজ্যৰ লগত যোগাযোগৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লৈ আহিছে। বিশেষকৈ দলঙৰ উপৰৰ অংশত থকা প্ৰলেপবোৰ এৰাই গৈছে, ফলত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু ফাটৰ। দলঙৰ চিমেন্ট, শিল-বালিৰ প্ৰলেপবোৰ এনেদৰে বখলা বখলকৈ এৰাই যোৱাৰ ফলত দলঙৰ ওপৰৰ ৰডসমুহ ওলাই থকা অংশত একাধিক গাড়ী-বাইক দুৰ্ঘটনাগ্ৰস্ত হোৱাও দেখা গৈছে । গতিকে অতি শীঘ্ৰে গড়কাপ্তানী বিভাগক মেৰামতি কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
- Log in to post comments
- 17 views