গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
বুধবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বেবী আইচিইউৰ পৰা নৱজাতক শিশু চুৰি কৰিবলৈ অহা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বেবী আইচিইউ সংলগ্ন এটা কোঠাত সোমাই থকা চোৰটোক ঔষধ দিবলৈ অহা এগৰাকী নাৰ্চে প্ৰত্যক্ষ কৰি হৈ-চৈ কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।পিছত উপস্থিত থকা একাংশৰ সহযোগত ৰোগীৰ অভিভাৱকে আৰক্ষীক গতাই দিয়ে দুৰ্বত্তটোক।
ইতিমধ্যে আৰক্ষীৰ জেৰাত দুৰ্বত্তটো দেৰগাঁৱৰ প্ৰদীপ দলে বুলি উল্লেখ কৰাৰ লগতে এই ঘটনাত আৰু লোক জড়িত থকাৰ কথা উল্লেখ কৰিছে। গোলাঘাটত প্ৰথমবাৰলৈ হোৱা এনে ঘটনাই চহৰখনত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 10 views