যিকোনো সময়ত ধনশ্ৰী নৈত জাহ যাব পাৰে নদীৰপাৰ ১ নং উত্তৰ প্ৰাথমিক বিদ্যালয়

flood

দলগাঁৱৰ প্ৰতিবেদক

 

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দলগাঁও বিধানসভা সমষ্টিবাসীক দিশহাৰা কৰাৰ পিছত এইবাৰ ধনশ্ৰী নৈয়ে নিদ্ৰাহৰণ কৰিছে কেইবাখনো গাঁৱৰ।নৈখনৰ বাঢ়নী পানীৰ কোবাল সোঁতে খহাই নিছে ঘৰ-বাৰী।খহনীয়াৰ কবলত পৰিছে নদীৰপাৰ নামৰ গাঁওখনত থকা নদীৰপাৰ ১ নং উত্তৰ প্ৰাথমিক বিদ্যালয়। ইতিমধ্য  নৈখনৰ কোবাল সোঁতে বিদ্যালয়খনৰ ক্ষতিসাধন কৰাৰ পিছত বৃহস্পতিবাৰে বিদ্যালয়খনৰ এটা অংশ নিঃশেষ হোৱাৰ পথত। বিদ্যালয়খন যদি পানীত জাহ যায় তেনেহ'লে গাঁওখনৰ একমাত্ৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰটোৰ ছাত্ৰ- ছাত্ৰীসকল ক'লৈ যাব,তাকে ভাবি দিশহাৰা হৈ পৰিছে অভিভাৱক তথা  গাঁওখনৰ ৰাইজ।


পানী শুকুৱাৰ পাছত বিদ্যালয়খনৰ তাৎক্ষনিক মেৰামতি কৰি ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰধান শিক্ষকৰ লগতে  গাঁওবাসী ৰাইজে ।

Your Comments