বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ অৱনতি,বানৰ কৱলত ১৮৬ খন গাঁও

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও জিলাৰ বান পকিস্থিতিৰ অৱনতি ঘটিছে ৷ বিগত তিনিদিনত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত জিলাখনৰ পুনৰ বহু গাঁও বানৰ কৱলত পৰিছে ৷ জিলাখনৰ প্ৰধান তিনিখন নৈৰ ভিতৰত আই - মানাহ নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাত নৈ খনৰ বাঢ়নী পানীয়ে বিভিন্ন গাঁৱত বানৰ সৃষ্টি কৰিছে ৷ অৱশ্যে ব্ৰহ্মপুত্ৰ আৰু আই নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ তলেৰেই বৈ আছে যদিও ক্ৰমাৎ বৃদ্ধি পাই আছে। বুধবাৰৰ চৰকাৰী তথ্য মতে জিলাখনৰ বহু গাঁও নতুনকৈ বানৰ কৱলত কৰিছে। সেই অনুসৰি জিলাখনৰ অন্তৰ্গত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ৮১ খন ,বিজনী ৰাজহ চক্ৰৰ ৪৪ খন, বইটামাৰী ৰাজহ চক্ৰৰ ৪৩ খন, ডাংতল ৰাজহ চক্ৰৰ ১২ খন আৰু  বঙাইগাঁও ৰাজহ চক্ৰৰ ৬ খন গাঁওসহ মুঠ ১৮৬ খন গাঁও বানৰ কৱলত পৰিছে ৷ ইপিনে বানাক্ৰান্ত অঞ্চলবোৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযানৰ লগতে সাহায্য অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হয় ৷ এই ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসন আৰু উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে সকলো সাহায্য বিতৰণ  আৰু প্ৰেৰণৰ ব্যৱস্থা পৰিচালনা কৰিছে ৷bgn

বানাক্ৰান্ত অঞ্চলৰ লোকসকলৰ খাদ্য সামগ্ৰীৰ লগতে পশুধনৰ খাদ্যও যোগান ধৰা হৈছে ৷ বৰ্তমান জিলাখনত মুঠ ২৮ টা সাহায্য শিবিৰ আৰু ৮ টা সাহায্য কেন্দ্ৰ মুকলি কৰি ১৫,৭৩১ জন বানাক্ৰান্তক সাহায্য সেৱা আগবঢ়াই থকা হৈছে ৷ বিগত ২৪ ঘন্টাৰ ভিতৰত বানাক্ৰান্ত লোকসকলৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, চিৰা, গুৰ, গাখীৰ, বিস্কুট, অ আৰ এছ ,ব্লিচিং পাউদাৰ ,হে'লজেন টেবলেট, টাৰ্পলিন আদি বিতৰণ কৰা হৈছে ৷ একেদৰে খোৱা পানীৰ বাবে বহুৱা হৈছে টিউবেল ৷ বানাক্ৰান্ত অঞ্চলৰ লগতে সাহায্য শিবিৰত থকা লোক সকলৰ চিকিৎসা সেৱাৰ বাবে ২৪ টা চিকিৎসা কৰ্মীৰ দলে চিকিৎসা সেৱা আগবঢ়াই আছে ৷ ইপিনে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো,  উপায়ুক্ত আদিল খান ,উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল আদিয়ে জিলাখনৰ বানাক্ৰান্ত আৰু খহনীয়াৰ কৱলত পৰা অঞ্চলসমূহ নাওৰে গৈ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ তেওঁলোকে বৰজানা, পীৰাধৰা পঞ্চায়তৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷ সেইদৰে  সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ উদ্ধাৰ, সাহায্য বিতৰণ আদি ব্যৱস্থাসমূহ নীৰিক্ষণ কৰি আছে ৷ সমাজ কল্যাণ বিভাগে বঙাইগাঁও চহৰসহ সমগ্ৰ জিলাখনতে আশ্ৰয় শিবিৰত থকা মহিলা আৰু শিশুসকলৰ বাবে বিশেষ যন্ত লোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনত বানৰ কৱলত পৰা লোকৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৷ বিগত ২৪ ঘন্টাত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে মুঠ ২২২ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ৷ 

Your Comments