বান সাহাৰ্য সংগ্ৰহ কৰা প্ৰতিটো দল- সংগঠনলৈ  কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নির্দেশনা

নিউজ ডেস্ক :
বানাক্ৰান্তৰ বাবে বান সাহায্য সংগ্ৰহ কৰা ৰাজ্যৰ প্ৰতিটো অনুষ্ঠান- সংগঠন তথা ব্যক্তিলৈ গুৱাহাটীৰ মহানগৰ জিলা প্ৰশাসনে আজি জাৰি কৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা।এই অনুসৰি এতিয়াৰ পৰা বানসাহাৰ্য সংগ্ৰহ কৰাৰ নামত কোনো সংগঠন তথা ব্যক্তিয়ে কোনো লোককে জোৰ- জুলুম কৰিব নোৱাৰিব।

বুধবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তা অনুসৰি উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে "বানসাহাৰ্য সংগ্ৰহৰ নামত বহু অনুষ্ঠান তথা সংগঠনে জনসাধৰণক ধন দাবী কৰাৰ লগতে জোৰ-জুলুম কৰাৰ খবৰ আমাৰ হাতলৈ আহিছে"।তেনে যাতে কোনো সংগঠন বা অনুষ্ঠানে নকৰে তাৰ বাবে এই নির্দেশনা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে।

ইফালে এই নির্দেশনা যদি কোনো সংগঠন তথা ব্যক্তিয়ে অমান্য কৰে তেন্তে তাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আজি নির্দেশনাত উল্লেখ কৰে।

Your Comments