গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন :
গহপুৰৰ ডেলহাউচি কৈৱৰ্ত গাঁৱৰ বানপানীত ক্ষতিগ্ৰস্ত নব্বৈ বছৰীয়া কাতিমালা দাস নামৰ এগৰাকী আইতাক এক ক্ষুদ্ৰ সহায়ৰ হাত আগবঢ়ালে গহপুৰৰ নিউজ 18 নৰ্থ ইষ্টৰ সাংবাদিক ৰমেন বৰাই। দৃষ্টিহীন, ভালদৰে খোজকাঢ়িব নোৱাৰা আইতা এগৰাকীয়ে বানপানীৰ বাতৰি কৰিব যোৱাৰ সময়ত সাংবাদিক গৰাকীৰ পৰা আঠুৱা এখন বিচাৰিছিল, আৰু বিচৰা মতেই আঠুৱা আৰু চাদৰ এখন আইতা গৰাকীলৈ আজি আগবঢ়ালে সাংবাদিক গৰাকীয়ে । সাংবাদিক জনৰ এই মহানুভৱতাক গহপুৰৰ সচেতন সমাজে ভূয়সী প্ৰশংসা কৰিছে।
- Log in to post comments
- 22 views