বান সাহাৰ্য্যৰ পৰা বঞ্চিত দেহাৰকুছি পঞ্চায়তৰ বানপীড়িত, জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ

নৰেন শৰ্মা,বাহাৰঘাট:

অলপতে হৈ যোৱা প্ৰবল বানপানীত ক্ষতিগ্ৰস্ত হোৱা ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাৰ বানপীড়িতই সামন্য পশু খাদ্যৰ বাহিৰে অন্য কোনো চৰকাৰী সাহাৰ্য্য লাভ নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখ্য যে নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত উক্ত পঞ্চায়ত খন বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত যদিও বৰভাগ ৰাজহচক্ৰৰ মুঠ ৩৫ খন বানপীড়িত গাওঁৰ দেহাৰকুছি গাওঁ পঞ্চায়তৰ অধীনৰ গাওঁ কেইখনৰ বাহিৰে বাকী গাওঁ কেইখনৰ বানাক্ৰান্তই পশু খাদ্যৰ উপৰিও বিভিন্ন খাদ্য সামগ্ৰী বান সাহাৰ্য্য হিচাবে ইতিমধ্যেই লাভ কৰিছে৷মনকৰিবলগীয়া যে এইবেলিৰ প্ৰলয়ংকৰী বানে পঞ্চায়ত খনৰ আটাইকেইখন গাওঁৰে কম বেছি পৰিমাণে ক্ষতি কৰিছে৷ইয়াৰ ভিতৰত দেহাৰকুছি,কিচমৎ,লৰমাবটাকুছি,চতমা,পূৰ্নকামদেৱ,পূৰ্নদৈচপৰা আৰু বৰখালা গাওঁৰ কৃষক সকলৰ শালিধানৰ কঠিয়া,শালিধান,মাছপোহা পুখুৰী,গৰু ছাগলী আদিৰ বিস্তৰ ক্ষতি হৈছে৷ইয়াৰোপৰি দেহাৰকুছি আৰু লৰমা বটাকুছি গাওঁৰ কেইবাটাও পৰিয়ালৰ থকাঘৰতো পানী উঠাৰ লগতে পঞ্চায়ত খনৰ অন্তৰ্গত বহুতো পৰিয়ালৰ গৃহৰ যথেষ্ট ক্ষতি হৈছে৷ইমানৰ পিছতো পঞ্চায়ত খনৰ বানাক্ৰান্তই বান সাহাৰ্য্যৰ পৰা বঞ্চিত হোৱাত সকলো ৰাইজে বিষয়টো আলোচনা কৰিছে।

ইফালে ইমান দুৰ্যোগপূৰ্ণ মুহূৰ্ততো পাৰ কৰিবলগীয়া হোৱাৰ পিছতো নিজৰ হেপাহৰ ভোট দি জয়যুক্ত কৰা কোনো এজন জনপ্ৰতিনিধিয়ে পঞ্চায়তবাসীৰ সামন্য খবৰ এটা লোৱাৰো সময় উলিৱাব নোৱাৰাটো পঞ্চায়তবাসীৰ বাবে দুৰ্ভাগ্য বুলি ভুক্তভোগী ৰাইজে এতিয়া ভাবিবলৈ বাধ্য হৈ পৰিছে। মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ গৰাকীৰ জন্ম পঞ্চায়ত খনৰ বানাক্ৰান্ত ৰাইজে বান সাহাৰ্য্যৰ পৰা বঞ্চিত হোৱাৰ প্ৰকৃত কাৰণ কি তাৰ বিষয়ও ৰাইজ এতিয়া সৰব হৈ পৰিছে৷ইয়াৰ মাজতে পঞ্চায়ত খনৰ আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীয়ে দুৰ্গত ৰাইজৰ খা-খৱৰ লৈ চৰকাৰক অবগত কৰিব বুলি আশ্বাস দিয়ে৷ইতিমধ্যে আজিৰে পৰা পূনৰ পানী বাঢ়িব লোৱাত কৃষক সকল অধিক চিন্তিত হৈ পৰিছে৷

Your Comments