সোণাৰিত ঋণৰ বোজা সহিব নোৱাৰি নদীত জাঁপ দি আত্মহত্যা এটি পৰিয়ালৰ

sonar

সোণাৰিৰ পৰা ঘন বৰা

 

চৰাইদেউ জিলাৰ সোণাৰিৰ আৰক্ষী থানাৰ অন্তৰ্গত এটি পৰিয়ালে অত্যাধিক ঋণৰ বোজা সহিব নোৱাৰি নদীত জঁপিয়াই আত্মহত্যাৰ কৰে। জানিব পৰা মতে বন্ধন,  চেটিংছকে, আৰোহণ আদি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ পৰিশোধ কৰিব নোৱাৰি সোণাৰিৰ চাৰিজনীয়া পৰিয়ালটিয়ে টাওকাক নদীত জাঁপ দিয়ে। পৰিয়ালটোৰ প্ৰদীপ পাল,  সংগীতা পাল আৰু পুত্ৰ অভীক পাল নদীৰ প্ৰৱল সোঁতত উটি যোৱাৰ লগতে।

 

sona2

 

চাৰিজনীয়া পৰিয়ালটোৰ কন্যা সন্তান ঈস্পিতা পালক কথমপি ৰক্ষা কৰে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে।পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ এচ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। জিলাখনৰ টিমন ৰঙাবাম গাঁৱৰ প্ৰদীপ পালে ব্যৱসায় সূত্ৰে সোণাৰিৰ ভাড়াঘৰত বাস কৰি পাণ তামোল আৰু ঝাৰুৰ ব্যৱসায় কৰি পৰিয়ালটিক পোহপাল দি আছিল।

Your Comments