সাত দিনৰ বাবে খাদ্য সুৰক্ষা বিভাগে বন্ধ কৰিলে পল্টন বজাৰৰ যাদৱ ডাইৰী

jadav

নিউজ ডেস্ক:

মহানগৰীত অব্যাহত আছে খাদ্য সুৰক্ষাৰ বিভাগৰ অভিযান। এইবাৰ এই অভিযানত পোহৰলৈ আহিছে খাদ্য সুৰক্ষাৰ বিভাগৰ অনুজ্ঞাপত্ৰ বিহীনভাৱে পৰিচালিত হৈ থকা গুৱাহাটীৰ মহানগৰীৰ এখন মিঠাই দোকান। গুৱাহাটীৰ পল্টন বজাৰস্থিত অতি পুৰণি আৰু বিখ্যাত গাখীৰ আৰু মিঠাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নাম  যাদৱ ডাইৰীৰ।

খাদ্য সুৰক্ষাৰ বিভাগৰ অভিযানত এই কথা পোহৰলৈ অহাত কামৰূপ মহানগৰ জিলাৰ খাদ্য সুৰক্ষাৰ বিভাগৰ বিষয়া মুনীন্দ্ৰ ভূঞাই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৭ দিনৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানটো বন্ধ কৰিছে। খাদ্য সুৰক্ষা আৰু গুণাগুণ ২০০৬ আইনৰ ধাৰা ৩২ অনুসৰি ৭ দিনৰ বাবে বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ যে মিঠাই ব্যৱসায়ী প্ৰতিষ্ঠানটো অপৰিষ্কাৰকৈ প্ৰস্তুত কৰা হয় মিঠাই। ইয়াৰ উপৰি মিঠাই ভাণ্ডাৰ খনত নাই উপযুক্ত টয়লেটৰ ব্যৱস্থা। একেদৰে নাই খোৱাপানীৰো উপযুক্ত ব্যবস্থা।

Your Comments