বঙাইগাঁওঃ
বিগত তিনিদিন ধৰি অবিৰামভাৱে নেৰানেপেৰাকৈ হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত আজি বঙাইগাঁও চহৰতো কৃত্ৰিম বানৰ সৃষ্টি কৰিছে ৷ বৰ্তমান চহৰখনৰ অধিকাংশ অঞ্চলেই পানীৰ কৱলত ৷ ফলত স্তব্ধ হৈ পৰিছে বঙাইগাঁও চহৰৰ জন-জীৱন ৷ ধাৰাসাৰ বৰষুণৰ ফলত চহৰখনৰ মূল পথৰ লগতে নিউ বঙাইগাঁও- ডাংতল সংযোগী পথৰ কেবা স্থানতো পানী জমা হৈ পৰে ৷ সেইদৰে চহৰখনৰ কেবাটাও ৱাৰ্ডৰ পথ- উপ পথৰ লগতে বহুতৰে ঘৰৰ চৌহদ জলমগ্ন হোৱাৰ উপৰিও বহুতো পৰিয়ালৰ ঘৰৰ ভিতৰতো পানী সোমায় ৷ চহৰখনৰ বানৰ কৱলত পৰা এলেকাসমূহত জিলা উপায়ুক্তৰ নিৰীক্ষণত তৎকালীনভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱা হয় ৷ ইপিনে চহৰখনৰ পালপাৰাত থকা টেকনঝৰা জুৰিৰ বাঢ়নী পানী আৰু বৰষুণৰ পানীয়ে বানৰ সৃষ্টি কৰাত আজি প্ৰায় শতাধিক পৰিয়াল পৰিয়াল বানৰ কৱলত পৰে ৷ বানাক্ৰান্ত লোকসকলক এছ ডি আৰ এফ আৰু এন ডি আৰ এফে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে ৷ উদ্ধাৰকাৰী দলে শতাধিক লোকক উদ্ধাৰ কৰে ৷ আনহাতে এজনী ছোৱালী পানীত পৰি যোৱাত উদ্ধাৰ কৰি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
ইপিনে চহৰখনৰ মায়াপুৰী এলেকাৰ মূল পথৰ ওপৰত প্ৰায় একাঠু পানী জমা হোৱাত গড়কাপ্তানি বিভাগ, পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰি স্থানীয় লোকে পথচোৱা বন্ধ কৰি দিয়ে ৷ স্থানীয় লোকৰ প্ৰতিবাদৰ ফলত পথচোৱাৰে বন্ধ হৈ পৰে যান- বাহনৰ চলাচল ৷ প্ৰায় দুঘন্টা ধৰি মূল পথেৰে যাতায়াত বন্ধ হৈ পৰে যদিও পিছত ঘটনাস্থলীত দণ্ডাধীশ, পৌৰ সভাৰ সভাপতি আদি উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ সেইদৰে ছাপাগুৰিৰ পৰা বঙাইগাঁও চহৰ হৈ উত্তৰ শালমাৰালৈ যোৱা গড়কাপ্তানি পথৰ কামৰ চোৱাচিটা কৰা দুজনকৈ অভিযন্তাও উপস্থিত হয় ৷ কিন্তু দুই অভিযন্তাই ব্যৱসায়ীৰ পৰা উৎকোচ লৈ পদ পথ তথা নলাৰ কামৰ খেলি মেলি কৰাৰ অভিযোগ তুলি স্থানীয় ব্যৱসায়ী তথা ৰাইজে জবাবদিহি কৰে ৷ উত্তেজিত ৰাইজে এগৰাকী অভিযন্তাত শাৰীৰিকভাৱে অপদষ্ট কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ পিছত ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হ'বলৈ ধৰাত উক্ত স্থানত উপস্থিত হোৱা অতিৰিক্ত আৰক্ষী অধীক্ষসহ আৰক্ষীয়ে দুই অভিযন্তা দীবাকৰ বৰা আৰু আব্বাছ মিৰ্জাক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি সদৰ থানালৈ লৈ যায় ৷ ইয়াৰ পিছতে বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰীয়ে দণ্ডাধীশৰ উপস্থিতিত এক্সকেভেটৰৰ সহায়ত নলা ভাঙি দিয়াত মূল পথৰ কৃত্ৰিম বান কমিবলৈ ধৰাত পুনৰ যাতায়াত আৰম্ভ হয় ৷ পানী জমা হোৱা স্থানত পিছত জিলা উপায়ুক্ত আদিল খান, আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সৈতে কথা- বতৰা পাতি পানী যোৱা নলাৰ আঁসোৱাহ থকা স্থানসমূহ পৰিদৰ্শন কৰে ৷
উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ ফলত বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত থকা কালভাৰ্টৰ মাজডোখৰ খহি পৰাত কাৰ্যালয়লৈ অহা- যোৱাৰ ক্ষেত্ৰত বিষয়া- কৰ্মচাৰীৰ লগতে বিভিন্ন কামত কাৰ্যালয়টোলৈ অহা লোকসকল অসুবিধাৰ সন্মুখীন হৈছে ৷ একেদৰে কাৰ্যালয়টোৰ চৌহদো জলমগ্ন হৈ পৰিছে ৷ সেইদৰে চহৰখনৰ ১৩ নং ৱাৰ্ডৰ অন্তৰ্গত গুৰুনানক নগৰ, জ্যোতি নগৰ, বঙাইগাঁও আৰক্ষী চাউনীৰ দক্ষিণ- পশ্চিমাংশ, বঙাইগাঁও ষ্টেডিয়াম, ১২ নং ৱাৰ্ডৰ অন্তৰ্গত কদমতলী- শালবাৰী ( উত্তৰ আৰু দক্ষিণ), বিবেকানন্দ পল্লী,পাইপ লাইন, ২১ ৱাৰ্ডৰ বৰপাৰা পাহাৰতলী আদিৰ লগতে নতুন পাৰা, দলাইগাঁও, উত্তৰ বঙাইগাঁও , নিউ বঙাইগাঁও ৰে'লৱে কলনী আদিকে ধৰি বিভিন্ন এলেকা জলমগ্ন হৈ পৰে ৷ বৰষুণৰ ফলত নিউ বঙাইগাঁও- ডাংতল সংযোগী পথৰ নিউ বঙাইগাঁও ৰে'লৱে ইনষ্টিটিউতৰ কিছু আগত, নিউ বঙাইগাঁও অভাৰব্ৰীজ বজাৰ আদিত পথৰ ওপৰেৰে পানী বাগৰাৰ লগতে একাঠু পৰ্যন্ত পানী হয় ৷ ইয়াৰোপৰি নিউ বঙাইগাঁও ৰে'লৱে কাৰখানাৰ চৌহদ জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰে কাম- কাজ ৷ নিউ বঙাইগাঁও ৰে'লৱে ৱেষ্ট কলনীকে ধৰি ৰে'লৱে আবাসিক এলেকাসমূহৰ বাট- পথ, বজাৰ, আবাসিক এলেকা সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে ৷ ৰে'লৱে কলনীৰ আবাসসমূহতো পানী সোমোৱাত আবাসীসকল নানা সমস্যাৰ সন্মুখীন হৈছে ৷
নিউ বঙাইগাঁও আৰক্ষী পহৰা চকী চৌহদতো জলমগ্ন হয় ৷ জলমগ্ন হৈ পৰিছে বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান , বঙাইগাঁও আই টি আই চৌহদ, জিলা উপায়ুক্তৰ আবাসিক চৌহদৰ লগতে ভাকাৰিভিটা আদি এলেকা জলমগ্ন হৈ পৰিছে ৷ সেইদৰে চহৰখনৰ নিকটৱৰ্তী গ্ৰামাঞ্চলৰ বহু অঞ্চলো জলমগ্ন হৈ পৰিছে ৷ ইপিনে আজি চহৰ খনৰ বানপৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বানাক্ৰান্ত সকলৰ প্ৰয়োজনীয় সাহায্যৰ বাবে মুঠ তিনিটা সাহায্য শিবিৰ মুকলি কৰা হৈছে। ইয়াৰে শ্মশান পাৰাত থকা শিবিৰত বৰ্তমান ১৪০ টা পৰিয়ালৰ মুঠ ৩৮০ জন সদস্য আৰু কদমতলীৰ শিবিৰত ৬০ টা পৰিয়ালৰ মুঠ ৩০০ জন সদস্যই আশ্ৰয় গ্ৰহণ কৰিছে । এই পৰিয়ালসমূহক তৎকালীনভাৱে সকাহৰ বাবে খাদ্য সামগ্ৰী যেনে চিৰা, গুৰ, গাখীৰ, বিস্কুট আদি যোগান ধৰা হৈছে। ঠিক সেইদৰে পালপাৰাৰ নেতাজী বিদ্যা নিকেতনত থকা শিবিৰত বৰ্তমান ৬০০ বানপীড়িত লোকে আশ্ৰয় লৈছে আৰু বানাক্ৰান্ত লোকসকলক চাউল, দাইল, নিমখ,তেল, খোৱা পানী আদিৰ যোগান ধৰা হৈছে ৷ বঙাইগাঁও জিলা উপায়ুক্তই পৌৰসভাক তৎকালীন ভাৱে চহৰখনৰ এই গুৰুতৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। উপায়ুক্তগৰাকীয়ে নিজে চহৰখনৰ বানত আক্ৰান্ত হোৱা বহু স্থান পৰিদৰ্শন কৰি ভুক্তভোগীক সাহায্য সেৱা আগবঢ়ায়।
তেওঁ প্ৰশাসনৰ বিষয়ববীয়াসকলক এনে পৰিস্থিতিত নিঃস্বাৰ্থভাৱে কাম কৰি যাবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ লগতে সৰ্বসাধাৰণ সকলো ৰাইজৰ পৰা এই সংকটৰ সময়ছোৱাত পূৰ্ণ সহযোগিতাৰ কামনা কৰে ৷ আনহাতে অভিযন্তা দুজনক বিয়লি থানাৰ পৰা যাবলৈ দিয়া হয় ৷
- Log in to post comments
- 13 views