বঙাইগাঁওঃ
যোৱা তিনিদিন ধৰি বিৰতিহীনভাৱে হৈ থকা প্ৰৱল বৃষ্টিপাতে বঙাইগাঁও জিলাত পুনৰ বানপানীৰ সম্ভাৱনা বৃদ্ধি কৰিছে। সাধাৰণতে বঙাইগাঁৱত বছৰি গড় হিচাবত হোৱা বৃষ্টিপাতৰ পৰিমাণ হৈছে ৯০০ ৰ পৰা ১২০০ মি. মি.। কিন্তু বঙাইগাঁৱত এইবাৰ বৰ্ষাকালীন ঋতুৰ প্ৰাৰম্ভিক ভাগতেই বাৰ্ষিক গড় বৃষ্টিপাতে ১৪০০ মি. মি. অতিক্ৰম কৰিছে।কেৱল ১১ জুলাইৰ পৰা ২৩ জুলাইৰ ভিতৰতে জিলাখনত ইতিমধ্যে ৪৭৯ মি. মি. বৃষ্টিপাত হৈছে ৷ ৰষুণৰ এই পৰিমাণে ক্ৰমাৎ শাম কাটিবলৈ ধৰা জিলাখনৰ বান পৰিস্থিতিক পুনৰুজ্জীৱিত কৰি তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰক বাদ দি জিলাখনৰ আন মূল দুখন নদী আই আৰু আই-মানাহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। অৱশ্যে সকাহৰ কথা এয়ে যে এতিয়াও তিনিওখন নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ তলত বৈ আছে ৷ তথাপিও অবিৰতভাৱে হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত বহু ঠাইত নদীৰ পানী পাৰ ভাঙি আহি জিলাখনৰ বহু ঠাইত নতুনকৈ বানপানীৰ সৃষ্টি কৰিছে। যাৰ বাবে ইতিমধ্যে বঙাইগাঁও আৰু ডাংতল ৰাজহ চক্ৰৰ ক্ৰমে ৪খন আৰু ৬খন গাঁও নতুনকৈ প্লাৱিত হৈছে। সৃজনগ্ৰাম, বিজনী আৰু বইটামাৰীতো ক্ৰমাৎ উন্নত হৈ অহা বান পৰিস্থিতি বাধাগ্ৰস্ত হৈছে ৷
বানাক্ৰান্ত গাঁৱৰ সংখ্যা পুনৰ বৃদ্ধি পাই বৰ্তমান সৃজনগ্ৰাম ৰাজহ চক্ৰত ৩১খন, বিজনী ৰাজহ চক্ৰত ১০খন আৰু বইটামাৰী ৰাজহ চক্ৰত ৪২খন হৈছে ৷ সেইদৰে বৰ্তমান ডাংতলত দুটা, বঙাইগাঁৱত এটা আৰু বইটামাৰী ৰাজহ চক্ৰত ৯ টা সাহায্য শিবিৰৰ জৰিয়তে সাহায্য সেৱা আগবঢ়াই আছে। কেৱল মঙলবাৰৰ দিনটোৰ ভিতৰতে জিলাখনৰ মুঠ ৩,৫০০ গৰাকী বানপীড়িতক বিভিন্ন সাহাযিয়ে সামগ্ৰী আগবঢ়োৱা হৈছে। ইপিনে সকলো দণ্ডাধীশ তথা বিভাগীয় মুৰব্বী বিষয়াই যুদ্ধকালীন তৎপৰতাৰে বানাক্ৰান্ত গ্ৰাম্য আৰু চহৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰয়োজনীয় সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ ব্যৱস্থা কৰিছে। বঙাইগাঁও ৰাজহ চক্ৰত আজি উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তোলা হৈছে আৰু এতিয়ালৈকে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে চলোৱা অভিযানৰ যোগেদি মুঠ ৯০জন লোকক উদ্ধাৰ কৰি সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে ৷ জিলা উপায়ুক্ত আদিল খানে জিলাৰ সমূহ বিষয় ববীয়াকেই এই পৰিস্থিতিক প্ৰতিহত কৰিবলৈ নিঃস্বাৰ্থভাৱে আৰু উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যাবলৈ কঠোৰ নিৰ্দেশ দিছে। লগতে জিলা উপায়ুক্ত গৰাকীয়ে সৰ্বসাধাৰণ সকলো ৰাইজৰ পৰা এই সংকটৰ সময়ছোৱাত পূৰ্ণ সহযোগিতাৰ কামনা কৰিছে।
- Log in to post comments
- 6 views