'চিৰিয়াখানাৰ ডিএফঅ'ই বিধি উলংঘাৰে নিশাৰ আন্ধাৰত জন্তু বিনিময় কৰিছে'-চিৰিয়াখানা সুৰক্ষা মঞ্চ

zoo

'চিৰিয়াখানাত নিশাৰ আন্ধাৰত সালসলনি কৰা হয় জীৱ-জন্তুৰ।চিৰিয়াখানাখন ধ্বংস কৰিবলৈ ধৰিছে পৰিকল্পিতভাৱে।চিৰিয়াখানৰ ডিএফঅ' চোৰাংচিকাৰীৰ সৈতে জড়িত। ইমানখিনি হোৱাৰ পিছতো কিন্তু গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ।'এই অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ।মঙলবাৰে এখন সংবাদমেলত এই অভিযোগ কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই। 
     

সংবাদ মাধ্যমৰ আগত তেওঁ কয়-যোৱা ২১ জুলাইৰ নিশা গোপনে ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত চাৰিখন ট্ৰাকত বহু দুষ্পাপ্য আৰু আপুৰুগীয়া বন্যপ্ৰাণী গুজৰাটলৈ পঠিওৱা হৈছে।ডিএফঅ'জনৰ মতে চাৰিখন ট্ৰাকত মুঠ ১৯ টা জন্তু গুজৰাটলৈ পঠিওৱা হৈছে।তাৰে ভিতৰত বিলুপ্তিৰ পথত থকা হাড়গিলা, নলগাহৰী,জহামাল,বামিৰ্জ অজগৰ,হৰিণ আৰু ভালুক আছে।' 
   

কিন্তু ২২ জুলাইৰ পুৱা ১১.৩০ বজাত ৰঙিয়া ষ্টেচনত 'চিৰিয়াখানা সুৰক্ষা মঞ্চ'ৰ  লোকে অনুসন্ধান চলাই দেখে যে তাত ৫০ টাকৈও অধিক বন্যপ্ৰাণী আছে-বৈশ্যই কয়।
 zoo 
 
তেওঁ আৰু কয় যে  চিৰিয়াখানাৰ বৰ্তমানৰ ডিএফঅ' তেজাছ মৰিস্বামীয়ে কিয় বিধি উলংঘা কৰি ৰাতিৰ আন্ধাৰত জন্তুসমূহ বিনিময় কৰিব লগা হ'ল সেয়া ৰহস্যজনক । বৰ্তমানৰ ডিএফঅ'জনে চিৰিয়াখানাৰ জন্তুৰে ক'লা বজাৰ কৰি আছে।'ডিএফঅ'জনে চিৰিয়াখানাৰ পৰা সুস্থ জীৱ-জন্তুসমূহ বাহিৰলৈ ৰপ্তানি কৰে আৰু বাহিৰৰ পৰা বেমাৰী জন্তুসমূহ আমদানি কৰে।যাৰ ফলত বিগত দুটা বছৰত চিৰিয়াখানাত ১০০০ ৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে।কিন্তু মৃত্যু হোৱা জীৱ-জন্তুৰ তথ্য বৰ্তমানৰ ডিএফঅ'জনে নষ্ট কৰি দিছে'-ৰাজকুমাৰ বৈশ্যই মন্তব্য কৰে।  
   

 তেওঁ লগতে আৰু কয় যে আইন অনুসৰি চিৰিয়াখানাত জন্ম হোৱা জীৱ-জন্তুৰহে সালসলনি কৰিব পাৰে,কিন্তু বৰ্তমানৰ ডিএফঅ'জনে  বাহিৰৰ পৰা অনা জীৱ-জন্তু সালসলনি কৰি আছে। 


এই বিষয়ত ৰাজ্য চৰকাৰক অৱগত কৰোৱাৰ পিছতো চৰকাৰৰ কোনো গুৰুত্ব নাই । সেয়েহে সাধাৰণ ৰাইজক ওলাই আহি অসমৰ জাতীয় সম্পদ 'অসম ৰাজ্যিক চিৰিয়াখানা' ক উদ্ধাৰ কৰিবলৈ বৈশ্যই আহ্বান জনায় । 

   
সংবাদমেলখনত ৰাজকুমাৰ বৈশ্যৰ লগতে সভাপতি দীপক পাঠক, উপ-সভাপতি দিবাকৰ গোস্বামীকে ধৰি অন্যান্য সদস্যসকল উপস্থিত থাকে।

Your Comments