জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
শোণিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ কুসুমটোলাৰ জনবসতিপূৰ্ণ এলেকা পিঠাগুৰিদ'ল আৰু মিলনপুৰত বৃহস্পতিবাৰে পুৱাৰে পৰা চাৰিটাকৈ বনৰীয়া হাতীৰ বিচৰণে ৰাইজক আতংকিত কৰি ৰাখিছে।উল্লেখযোগ্য যে কাজিৰঙা অভয়াৰণ্য আৰু ইয়াৰ ষষ্ঠ সংযোজন এলেকাত বিগত দিনসমূহৰ ভয়কৰ বান পৰিস্থিতিৰ পৰিপেক্ষিতত বন্যজীৱসমূহে নিৰাপদ আশ্ৰয় বিচাৰি সম্প্ৰতি ধাপলি মেলিছে জনঅৰণ্যলৈ৷এনেদৰে ওলাই অহা এটা হাতী পোৱালি অলপতে মৃত্যুমুখত পৰিছে উত্তৰ নদুৱাৰৰ গড়বিলত।
বৃহস্পতিবাৰে পুৱা পুনৰ এটা পোৱালিসহ চাৰিটাকৈ বনৰীয়া হাতীৰ অঞ্চলটোৰ কুসুমটোলাৰ গ্ৰামাঞ্চলত আবিৰ্ভাৱ হোৱাৰ পিছত ডিপলোঙা আঞ্চলিক বন বিষয়া ধৰ্ম্মেশ্বৰ দলেৰ নেতৃত্বত বন বিষয়া-কৰ্মচাৰীৰ দলে পুৱাৰে পৰাই পহৰা দি থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই৷বনাঞ্চলিক বিষয়াগৰাকীৰ মতে বৃহস্পতিবাৰৰ সন্ধিয়া পৰ্যন্ত চাৰিজনীয়া হাতীৰ জাকটো মিলনপুৰ নামৰ গাঁওখনৰ হাবিত আশ্ৰয় লৈ আছে ৷বন বিভাগ তথা বন্যপ্ৰাণী বিভাগৰ লোকসকলৰ লগতে জামুগুৰি আৰক্ষী আৰু স্থানীয় ৰাইজে হাটীকেইটাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে ৷লক্ষণীয় বিষয়টো হ'ল বনৰীয়া হাতীকেইটাই বৰ্তমানলৈকে অঞ্চলটোৰ ৰাইজৰ কোনোধৰণৰ ক্ষয়ক্ষতি কৰা নাই বুলি জনাইছে বন বিভাগে।
- Log in to post comments
- 2 views