যোৱা ৭ জুলাইত দিছপুৰ প্ৰেছ ক্লাবত 'জোনাকীৰ সমদল,অসম-এক সাহিত্য গোষ্ঠী'ৰ বৰ্ষপূৰ্তি সভাখন অনুষ্ঠিত কৰা হয়। সাহিত্যানুৰাগী যুৱক উৎপল চক্ৰৱৰ্তী প্ৰশাসক হিচাপে গোটটোৰ বৰ্ষপূৰ্তি সভাখনত
সভাপতিত্ব কৰে জোনাকী সমদলৰ কাৰ্যকৰী সমিতিৰ সভাপতি পৱিত্ৰ নাথে ৷
বৰ্ষপূৰ্তি সভাখনৰ লগত সংগতি ৰাখি বিশিষ্ট কবি তথা জোনাকী সমদলৰ উপদেষ্টা আঞ্জুমআৰা হুছেইনৰ সঞ্চালনাত এখন কবিতা পাঠৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।বয়োজ্যেষ্ঠ কবি ৰুকীয়া বেগমে এটি কবিতা পাঠেৰে কবিতা পাঠৰ অনুষ্ঠানটো উদ্বোধন কৰে।অনুষ্ঠানটোত কবিতা পাঠ কৰে ৰুকীয়া বেগম , উৎপল কুমাৰ চক্ৰৱৰ্তী, বাসন্তী ফুকন,ধৰিত্ৰী গোস্বামী ,অনুৰাগ কাশ্যপ,গীতাশ্ৰী গগৈ,ৰূপম, পম্পী,ইলামণি আদিয়ে।
উল্লেখ্য যে গোটটোত প্ৰায় ৪৮ গৰাকী সদস্যই যিকোনো বাৰ্তা সম্পূৰ্ণ অসমীয়া ভাষাত লিখাৰ যি নিয়ম,সেয়া সঁচাকৈয়ে উল্লেখনীয়।অসমীয়া ভাষাৰ ব্যৱহাৰে গোটটোক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে।গোটটো সুচাৰুৰূপে চলাই নিয়াত গোটটোৰ জন্মদাতা তথা প্ৰশাসক উৎপল চক্ৰৱৰ্তীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।সভাত গোটৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কৰণীয় কৰ্মৰ বিষয়ে সকলোৰে মতামত লোৱা হয়। শেষত সভাত উপস্থিত থকা সকলো জোনাকীৰে প্ৰতি শলাগৰ শৰাই আগবঢ়াই আদৰণি সমিতিৰ সম্পাদক ধৰিত্ৰী গোস্বামীয়ে ৷
- Log in to post comments
- 29 views