মহানগৰীত বহিৰাগত ব্যৱসায়ীৰ প্ৰহাৰত আহত মেঘালয়ৰ ট্ৰাক চালক

truck

নিউজ ডেস্ক :

মহানগৰীত সংঘটিত হৈছে ট্ৰাক চালকক প্ৰহাৰৰ ঘটনা।বহিৰাগত ব্যৱসায়ীয়ে শাৰীৰিক অত্যাচাৰ চলাই আহত কৰে মেঘালয়ৰ গাৰো পাহাৰৰ ট্ৰাক চালক ৰাজেশ চৌহান ওৰফে ভোলাক। 

খবৰ অনুসৰি মহানগৰীৰ বশিষ্ঠৰ কামাখ্যা কাটাৰাত শুকুৰবাৰে নিশা দুই বহিৰাগত ব্যৱসায়ী কিশোৰ কালীয়া আৰু ৰাজেশ চৌহানে মিলি
কাঠৰ বাটাম আৰু বেলনাৰে ওৰে নিশা প্ৰহাৰ কৰে ট্ৰাক চালকজনক। ট্ৰাক চালকজনে আৰক্ষীৰ আগত জানিবলৈ দিয়া অনুসৰি ব্যৱসায়ী দুগৰাকীয়ে অন্য চালকৰ কথা সুধি বৰ্বৰভাৱে আক্ৰমণ কৰে। ইয়াৰ উপৰিও ব্যৱসায়ী দুগৰাকীয়ে সোধা প্ৰশ্ন উত্তৰ দিব নোৱাৰাত ট্ৰাক চালকগৰাকীক বিল্ডিঙৰ পৰা পেলাই দিব খোজে।কিন্তু ট্ৰাক চালকগৰাকীয়ে সুযোগ বুজি  আক্ৰমণকাৰীৰ হাতৰ পৰা প্ৰাণ ৰক্ষা কৰি নিশাই পলাই আহি আৰক্ষীৰ কাষ চাপে।

ইফালে, গুৰুত্বপূৰ্ণ কথা এই যে ট্ৰাক চালকজনক কেৱল ব্যৱসায়ী দুগৰাকীয়ে আক্ৰমণে কৰিছিল তেনে নহয়, আক্ৰমণ কৰাৰ লগতে ট্ৰাক চালক ৰাজেশ ওৰফে ভোলাৰ পৰা ১৭ হাজাৰ টকাও কাঢ়ি লয়।


আনহাতে,জানিব পৰা অনুসৰি বৰ্বৰ আক্ৰমণ কৰা বহিৰাগত ব্যৱসায়ী দুজনৰ ঘৰ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত।

ইফালে, ট্ৰাক চালকগৰাকীৰ অভিযোগৰ ভিত্তিত দুয়োগৰাকী বহিৰাগত ব্যৱসায়ী বৰ্তমান বশিষ্ঠ আৰক্ষীৰ জালত। ঘটনাৰ অধিক তথ্যৰ বাবে ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Your Comments