নিউজ ডেস্ক :
প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা। আমেৰিকান সংস্থা "প্ৰফেচনেল আৰ্ম ৰেষ্টলিং" আৰু বাংগালুৰুৰ বুলডগ স্প'টছৰ সহযোগত স্বেছাসেৱী সংগঠন 'পূৰ্ণ বিকাশ সংস্থা'ৰ উদ্যোগত অহা ২৬ আৰু ২৭ জুলাইত গুৱাহাটীৰ জিএমচি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।দেশৰ ভিতৰতেই দ্বিতীয়বাৰৰ বাবে আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা হৈছে এই প্ৰতিযোগিতা।এই কথা বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে প্ৰতিযোগিতা খনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক অনুপ ৰাজকোঁৱৰে। গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেলখনত তেওঁ জানিবলৈ দিয়া অনুসৰি ২৬জুলাই সন্ধিয়া পাঁচবজাত কেন্দ্ৰীয় যুৱ-কল্যান আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতত শুভাৰম্ভণি ঘটিব এই প্ৰতিযোগিতা খনৰ। ইফালে পাঞ্জা প্ৰতিযোগিতাখনত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে জুবিন গাৰ্গ থাকিব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে প্ৰথম দিনা সন্ধিয়া ৭ বজাত জুবিন গাৰ্গৰ সংগীতা অনুষ্ঠানো থাকিব বুলি আজি সংবাদ মেলত আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
ইফালে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ইৰাণ আৰু বাংলাদেশৰ প্ৰতিযোগীয়েও অনলাইনৰ জৰিয়তে নামভৰ্তি কৰোৱা বুলিও তেওঁ জানিব দিয়ে। লগতে তেওঁ কয় যে প্ৰতিযোগীসকলৰ সুবিধাৰ বাবে www. bulldogarmwrestling.comৰ জৰিয়তে অহা ২১ জুলাইলৈকে অনলাইন যোগে নামভৰ্তি কৰাৰ সুবিধায়ো ৰখা হৈছে।
ইফালে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালো উপস্থিত থাকিব বুলি জনায়।ইফালে প্ৰতিযোগিতা খনৰ প্রাইজমণি ৬লাখ টকা বুলিও উদ্যোগতা সকলে জানিবলৈ দিছে।
- Log in to post comments
- 11 views