'সেউজীয়া চাহ'ৰ পিছত এইবাৰ অসমৰ বজাৰত 'নীলা চাহ':উদ্যোগী ৰঞ্জিত বৰুৱা-ডলী বৰুৱাই প্ৰস্তুত কৰা 'ব্লু টী'লৈ ৰাইজৰ সঁহাৰি

tea

আপুনি যদি চাহ পান কৰি ভাল পাই,তেনেহলে এইবাৰ সোৱাদ লওক এক অন্য চাহৰ। চাহৰ পৃথিৱীত এইবাৰ অনন্য সংযোজন অসমৰ এজন লোকৰ। গ্ৰীণ টি , ৰঙা চাহ বা গাখীৰৰ চাহৰ পিছত  অসমত এইবাৰ প্ৰস্তুত কৰা হৈছে ব্লু টী। 
 h      

গুৱাহাটী মহানগৰীৰ পূব জ্যোতিনগৰস্থিত নিজৰ বাসগৃহতে ব্লু টী প্ৰস্তুত কৰিছে ৰঞ্জিত বৰুৱা আৰু তেওঁৰ পত্নী ডলী বৰুৱাই। 
     

 পৃথিৱীৰ বহুতো ঠাইত এই ব্লু টী পোৱা যায় যদিও অসমত প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মতভাৱে ৰঞ্জিত বৰুৱাই নিজে অপৰাজিতা ফুলৰ সৈতে প্ৰস্তুত কৰি উলিয়াইছে ব্লু টী। এই ব্লু টী মধুমেহ ৰোগৰ বাবে উপকাৰী হোৱাৰ লগতে ই সৌন্দৰ্যবৰ্ধনটো সহায় কৰে বুলি ৰঞ্জিত বৰুৱাই জানিবলৈ দিয়ে। 
 a     

তেওঁ লগতে কয় যে অপৰাজিতা ফুল ৰ'দত শুকুৱাই অসমৰ আন চাহ পাতৰ সৈতে সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা হয় এই নীলা চাহ।   মঙলদৈ,হাজোৰ পৰা অনা অৰ্থাৎ অসমতে উৎপাদন হোৱা অপৰাজিত ফুলৰ পৰাই প্ৰস্তুত কৰা হয় ব্লু টী।যোৱা বছৰৰ নৱেম্বৰ মাহত  'Aromica'  নামেৰে আৰম্ভ কৰা নীলা চাহ প্ৰস্তুত কৰে ১২ গৰাকীকৈ কৰ্মচাৰীয়ে। 
   

অসমত এই নীলা চাহৰ সংযোজন হোৱাৰ পিছৰে পৰা ৰাইজে তেওঁলোকলৈ ভাল সঁহাৰি জনাইছে।এতিয়া যদিও অসমৰ সকলো ঠাইতে এই ব্লু টী উপলব্ধ নহয়,কিন্তু অতি সোনকালে এই ব্লু টী অসমৰ প্ৰায়বোৰ ঠাইত উপলব্ধ হ'ব বুলিও ৰঞ্জিত বৰুৱাই জানিবলৈ দিয়ে। 
        

কেৱল অপৰাজিতা ফুলেই নহয় Aromicaই বৰ্তমানলৈকে ১৬ বিধ ঔষধীযুক্ত চাহ প্ৰস্তুত কৰিছে। 
      
অপৰাজিতা ফুলৰ দ্বাৰা চাহ প্ৰস্তুত কৰি কেৱল ৰঞ্জিত বৰুৱাই লাভান্বিত  হোৱা নাই, ইয়াৰ লগতে এতিয়া অপৰাজিতা ফুলৰ খেতি কৰা অসমৰ খেতিয়কসকলো যথেষ্ট লাভান্বিত হ'ব ।

Your Comments