অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। '২০২০ বর্ষৰ পৰা ৰাজ্যৰ উচ্চতৰ মাধ্যমিকত হ'ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন।সেই অনুসৰি ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা সম্পূৰ্ণ পৃথক হ'ব উচ্চতৰ মাধ্যমিক শাখা।'অৰ্থাৎ কোনো বিশ্ববিদ্যালয়ৰ অধীনত নাথাকিব উচ্চতম মাধ্যমিক শাখা।ফলত বিশ্ববিদ্যালয়সমূহ কেৱল স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ দায়িত্ব থাকিব।
অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীয়ে আৰু কয় যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সংস্কাৰৰ বাবে ২০২০ বর্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰতিটো পৰীক্ষাৰ হলত যাতে নকলৰ পয়োভৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তাৰ বাবে পৰীক্ষাৰ কেন্দ্ৰসমূহত মোবাইল ফোনসমূহ নিষ্ক্ৰিয় কৰি তুলিব পৰা প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।'জেমাৰ' নামৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।
- Log in to post comments
- 4 views