নগাঁও আৰু কাছাৰ কাগজ কল কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰাটো নিশ্চিত:প্ৰতিবাদমুখৰ ৰাজ্যৰ সচেতন জনসাধাৰণ

mill

অসমৰ জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামৰ কাগজ কল কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰাটো ইতিমধ্যে স্পষ্ট হৈছে।গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অৰৱিন্দ গণপত সাৱন্তে লোকসভাত কাগজ কল দুটা চলোৱা হিন্দুস্তান কাগজ নিগম লিমিটেডৰ দেউলীয়া সমাধান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা সদৰি কৰাৰ লগে লগে কাগজকল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ সম্ভাৱনা নোহোৱা হৈছে।


কাগজ কল দুটা জীয়াই তুলিব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও শেষত কেন্দ্ৰীয় চৰকাৰে কল দুটা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসমত সচেতন নাগৰিক সমাজ আৰু দল-সংগঠনসমূহ যথেষ্ট অসন্তুষ্ট হৈ পৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়িছে।দুয়োটা কলৰ বেতনবঞ্চিত কৰ্মচাৰীসকল এতিয়া তীব্ৰভাৱে প্ৰতিবাদমুখৰ হৈ পৰিছে।

Your Comments