নিউজ ডেস্ক :
অৱশেষত আজি প্ৰকাশ পালে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত কৰ্তন খচৰা। কৰ্তন খচৰাত নাম আহিছে ১লাখ ২হাজাৰ ৪৬২জন লোকৰ। উল্লেখ্য যে পূৰ্বতে এনআৰচি তালিকাত অন্তৰ্ভুক্ত হোৱা বহুলোকৰ নাম আহিছে এই কৰ্তন তালিকাত। কৰ্তন তালিকাত নাম অন্তভুক্তি হোৱা সকলৰ ভিতৰত আছে ডি ভোটাৰ, ঘোষিত বিদেশী, বিদেশী ন্যাধিকৰণত গোচৰ চলি থকাৰ ব্যক্তিৰ নাম। ইফালে আজি প্ৰকাশ পোৱা তালিকাত অহা নাই দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।
গুৰুত্বপূৰ্ণ কথা এই যে আজিৰ কৰ্তন তালিকাত অন্তভুক্তি হোৱা লোকসকলক পুনৰ দিয়া হ'ব দাবী আপত্তিৰ সুযোগ।সেই অনুসৰি তেওঁলোকে এনআৰচি সেৱা কেন্দ্ৰত অহা ১১জুলাই লৈকে দাবী উথাপন কৰিব পাৰিব।এই সন্দৰ্ভত সংশ্লিষ্ট ব্যক্তিসকললৈ জাননী জাৰি কৰা হব।
আনহাতে আজি প্ৰকাশ পোৱা কৰ্তন তালিকা প্ৰতিগৰাকীৰ ব্যক্তিয়ে অনলাইনৰ জৰিয়তে চাব পাৰিব।তাৰ বাবে www. nrcassam. nic.in ত যাব লাগিব।ইয়াৰ উপৰিও চক্ৰবিষয়াৰ কাৰ্য্যালয়, উপায়ুক্তৰ কাৰ্যলয় আৰু এনআৰচি সেৱা কেন্দ্ৰ সমূহত উপলব্ধ হ'ব এই কৰ্তন তালিকা।
- Log in to post comments
- 58 views