নিউজ ডেস্ক :
মাওবাদীৰে সংঘৰ্ষত মৃত্যু বৰণ কৰা শ্বহীদ সুনীল কলিতা আৰু তেওঁৰ পত্নীক উদেশ্য কৰি সামাজিক মাধ্যমত অশালীন মন্তব্য প্ৰকাশ কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। জম্মু-কাশ্মীৰৰ কাশ্মীৰৰ পুলৱামাৰ ডামহাল থানাৰ অন্তৰ্গত ভিতৰুৱা অঞ্চলৰ পৰা কমলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত যুৱকজনৰ নাম ছাহিল আব্বাছ বুলি জানিব পৰা গৈছে।উল্লেখ্য যে শ্বহীদ সুনীল কলিতাৰ বিয়োগৰ সময়ত পত্নীগৰাকীয়ে দুখত ভাগি পৰা অৱস্থাত আবদ্ধ হোৱা এখন ফটোত অতি লজ্জাজনকভাৱে অশালীন মন্তব্য প্ৰকাশ কৰিছিল কাশ্মীৰী যুৱকজনে।
তাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।সকলোৱে দাবী তুলিছিল অসম আৰক্ষীয়ে যুৱকজনক কাৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।লগতে এই অশালীন মন্তব্য কৰা ধৃত যুৱকজনৰ বিপক্ষে কমলপুৰ থানাত ৰুজু কৰা হৈছিল ভাৰতীয় দণ্ডবিধিৰ ৫০৭ ধাৰা আৰু তথ্য প্ৰযুক্তিৰ আইনৰ ৬৭ ধাৰাত এক গোচৰো।সেই গোচৰৰ ভিত্তিতে কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ এটা দলে জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত অভিযান চলাই জম্মু-কাশ্মীৰৰ পুলৱামাৰ ডামহাল থানাৰ অন্তৰ্গত ভিতৰুৱা অঞ্চলৰ পৰা মঙলবাৰে গ্ৰেপ্তাৰ কৰে চাহিলক ।
জানিব পৰা অনুসৰি অসম আৰক্ষীৰ দলটোৱে ধৃত যুৱকজনক স্ব-গৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়ত যথেষ্ট বিপদ আৰু সমস্যাৰ সন্মুখীন হৈছিল ।এই সন্দৰ্ভত অভিযানকাৰী আৰক্ষীৰ দলটোৱে জনোৱা মতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত ছয়-সাত শতাধিক স্থানীয় লোকে অসম আৰক্ষীৰ অভিযানকাৰী দলটোক কিছু সময়ৰ বাবে আবদ্ধ কৰি ৰাখিছিল।কিন্তু সেই সকলোবোৰ বাধা অতিক্রম কৰি অসম আৰক্ষীৰ দলটোৱে ধৃত আব্বাছক গ্ৰেপ্তাৰ কৰি পুলৱামালৈ আনে।তাৰ পাছত জম্মু-কাশ্মীৰৰ বিশেষ আদালতত ধৃত যুৱকজনক অসম আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত লৈ দিল্লী হৈ বিশেষ বিমানৰ জৰিয়তে গুৱাহাটীলৈ অনা হয়।
ইফালে গুৱাহাটীলৈ অনা ধৃত ছাহিল আব্বাছক আজি কামৰূপ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰি তদন্তৰ বাবে নিজৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে।
ইফালে অসম আৰক্ষীৰ এই সফলতাৰ বাবে আৰক্ষীক সমগ্ৰ ৰাজ্যবাসীয়ে ধন্যবাদ জনাইছে।লগতে ধৃত ছাহিল আব্বাছক কঠোৰৰ পৰা অতি কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আৰক্ষীক আহ্বান জনায়।
- Log in to post comments
- 14 views