কামাখ্যা মন্দিৰত অনুষ্ঠিত মহা অম্বুবাচী মেলাত লাখ-লাখ ভক্তৰ সমাগম ঘটিছে। এই ভক্তসকলৰ মাজত আজি বিতৰণ কৰা হয় গছপুলি। মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পৰিৱেশ সচেতনতাৰ প্ৰচাৰ অভিযানকাৰী কনমাণি সুহান মল্লিকৰ উদ্যোগত ভক্তৰ মাজত বিতৰণ কৰা হৈছে বিভিন্ন গছপুলি।পৰিৱেশ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে পোনপ্ৰথমবাৰৰ বাবে অম্বুবাচীত দেখিবলৈ পোৱা গ'ল এনে এক ব্যতিক্ৰমী দৃশ্য।
আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই গছপুলি বিতৰণৰ শিবিৰ।গছ থাকিলে মানুহ থাকিব। এই মহান বাৰ্তাৰে অম্বুবাচীলৈ অহা ভক্তৰ মাজত বিলাই থকা হৈছে গছপুলি।প্ৰতিদিনেই প্ৰায় এহাজাৰকৈ ভক্তক গছপুলি বিতৰণ তথা পৰিৱেশ সংৰক্ষণৰ বাবে আহ্বান জনাব উদ্যোক্তাই।ইফালে সকলোকে মাৰ আশীষ লৈ আহি একোটিকৈ গছপুলি নিবলৈ অনুৰোধ কৰে শিবিৰটোত উপস্থিত লোকসকলে।
- Log in to post comments
- 18 views