ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ 'দাবী ছনদ' প্ৰেৰণ চিপিআইৰ

cpi

ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ দাবী কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদে  পোন্ধৰদফীয়া 'দাবী ছনদ' প্ৰেৰণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীলৈ।গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা এই দাবী ছনদত আছে মূল্যবৃদ্ধি ৰোধ কৰা, খাদ্য সুৰক্ষা নিশ্চিত কৰা,নাৰী নিৰ্যাতন ৰোধ কৰা,আলফা সমস্যা সন্দৰ্ভত চৰ্তহীনভাৱে আলোচনা আৰু সমাধান কৰা,নিবনুৱা সমস্যা সমাধান কৰা আদি বিভিন্ন দাবী।ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদৰ সদস্যসকলে সোমবাৰে দিনৰ ১১.৩০ বজাত গুৱাহাটী ক্লাবৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ সমদল উলিয়াই উপায়ুক্তক দাবী ছনদ প্ৰদান কৰে।

উল্লেখ্য যে এই দাবী ছনদ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক সদস্যই।কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিপিআইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্ত প্ৰমুখ্যে ভালেসংখ্যক নেতৃস্থানীয় ব্যক্তিয়ে।

Your Comments