উচ্চ শিক্ষাৰে শিক্ষিত হলেও কিন্নৰ সকলে কিয় লাভ নকৰে কোনো সংস্থাপন ?  মহা অম্বুবাচীত কিয় এই ক্ষোভ কিন্নৰৰ  ......

kinnar

 নিউজ ডেস্ক :

নগা বাবা সকলৰ লগতে এইবাৰো অম্বুবাচীলৈ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কিন্নৰ।  
এইবাৰৰ মহা অম্বুবাচীত নাগা বাবা সমূহৰ লগতে 'কিন্নৰ আখাড়া' দেখিবলৈ পোৱা গৈছে ।এলাহাবাদৰ প্ৰয়াগৰাজ কুম্ভমেলাত নিজৰ কৰ্মসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কুম্ভমেলাৰ সকলো শ্রদ্ধালুৰ দ্বাৰা স্বীকৃতি লাভ কৰিছে। স্বীকৃতি লাভ কৰাৰ পিছত ' কিন্নৰ আখাড়া'ই এইবাৰ মহা অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিছে।এই 'কিন্নৰ আখাড়া ' মাজত এগৰাকী উচ্চ শিক্ষাৰে শিক্ষিত কিন্নৰো উপস্থিত আছে ।kamakhya

উচ্চ শিক্ষাৰে শিক্ষিত কিন্নৰ গৰাকীৰ নাম প্ৰাচ্চাল সিং। ২০১৪ চনতে মেকানিকেল ইঞ্জিনীয়াৰিঙ পাছ কৰাৰ পিছতো কিন্তু তেওঁ বৰ্তমানমান পৰ্যন্ত লাভ কৰা নাই কোনো চাকৰি।ইফালে ভাৰত চৰকাৰে কিন্নৰ সকলৰ বাবে কোনো সুবিধা কৰি নিদিয়াৰ বাবেই তেওঁ কোন সংস্থাপন লাভ কৰা নাই বুলি মন্তব্য কৰে এই ' কিন্নৰ আখাড়া'ৰ প্ৰতিস্থাপক মহামণ্ডলেশ্বৰ মা ভৱানী নাথ বাল্মিকীয়ে।

 আনহাতে মা কামাখ্যাৰ দলৈয়ে আমাক জানিবলৈ দিয়ে যে " ২৩ ২৪ ২৫ এই তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ পিছত ২৬ তাৰিখে ৰাতিপুৱা মন্দিৰৰ সকলো ধৰ্মীয় নীতি নিয়ম পূজা সমূহ কৰাৰ পিছত ভক্ত সকলৰ বাবে মাৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব ।

Your Comments