মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিয়া পাতিলে তেওঁ হৈ পৰিব এজন ঘোচখোৰ মুখ্যমন্ত্ৰী, মহা অম্বুবাচীত কোনে আৰু কিয় কৰিলে এই  মন্তব্য ...... 

kamakhya

নিউজ ডেস্ক :

শনিবাৰৰ পৰা আৰম্ভ হৈছে মহা অম্বুবাচী  । অম্বুবাচীৰ বাবেই প্ৰাণচঞ্চল হৈ পৰিছে নিলাচলৰ বুকু। লাখ লাখ সাধু সন্ন্যাসীৰ সমাগম হৈছে নিলাচলত। মা কামাখ্যাৰ দলৈয়ে আমাক জানিবলৈ দিয়ে যে " ২৩ ২৪ ২৫ এই তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ পিছত ২৬ তাৰিখে ৰাতিপুৱা মন্দিৰৰ সকলো ধৰ্মীয় নীতি নিয়ম পূজা সমূহ কৰাৰ পিছত ভক্ত সকলৰ বাবে মাৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব । প্ৰতি বছৰৰ দৰে এই বছৰো যথেষ্ট সংখ্যক ভক্ত মহা অম্বুবাচীলৈ আহিছে। তেওঁ লগতে কয় যে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তি লৈকে এই সময় খিনি অতিকৈ পবিত্ৰ  । যদিও দুৱাৰ বন্ধ থাকে এই সময় খিনিত এবাৰ হলেও যিয়ে মন্দিৰ প্ৰদক্ষিণ কৰি যায় তেওঁৰেই মাৰ আশীৰ্বাদ প্ৰাপ্ত হয়।kamakhya

 আনহাতে  কোচ বিহাৰৰ পৰা এই অম্বুবাচী লৈ অহা এজন বাবাই কয় যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৰুৰে পৰাই পাইছে।শনিবাৰে  অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী মহা অম্বুবাচী লৈ যাওঁতে তেওঁক সাক্ষাৎ কৰি যথেষ্ট কথা পাতিলোঁ। তেওঁ লগতে  সংবাদ মাধ্যমৰ আগত কয় যে "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এতিয়া বিয়া পাতিব নালাগে। কাৰণ তেওঁ  এতিয়া বিয়া কৰালে অসমৰ কাম নকৰি দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰিব। সেয়েহে তেওঁ আৰু পাঁচ বছৰ মান মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে বিয়া খন পাতাটো উপযুক্ত হ'ব"। 

Your Comments