অম্বুবাচীৰ বাবে উমানন্দলৈ আভ্যন্তৰীণ জল পৰিবহণৰ  অতিৰিক্ত ফেৰী সেৱা আৰম্ভ 

ambubachi

নিউজ ডেস্ক :
কামাখ্যা ধামৰ অম্বুবাচীলৈ অহা দেশী-বিদেশী পৰ্যটকক তথা ভক্ত সকলক উমানন্দলৈ আদৰিবলৈ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিশেষ ফেৰী সেৱা শনিবাৰৰ পৰা আৰম্ভ কৰা হৈছে।এই ফেৰী সেৱা অব্যাহত থাকিব অহা ২৬জুনলৈকে। মহানগৰীৰ লাচিত ঘাটৰ পৰা প্ৰতিদিনে পুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈকে জল পৰিবহন বিভাগৰ আৰটিএল বাঘবৰ আৰু নামবৰ নামৰ দুখন ফেৰী চলাচল কৰিব।এই কথা জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে।তেওঁলোকে জানিবলৈ দিয়া অনুসৰি এনে এখন ফেৰীত প্রায় ২০০যাত্ৰী একেলগে যাব পৰা সুবিধা আছে।ইয়াৰ উপৰিও যাত্ৰীৰ সুৰক্ষাৰ বাবে দুয়োখন ফেৰীতে আছে লাইফ জেকেটকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী।

ইফালে ফেৰী চলাচলৰ প্ৰথম দিনটোত প্ৰায় ২০০০হাজাৰ দর্শনাথী উমানন্দলৈ  যাত্ৰা কৰা বুলিও জানিবলৈ দিয়ে ফেৰী দুখনৰ কৰ্মচাৰী সকলে।তেওঁলোকে লগতে জানিবলৈ দিয়ে যে পুৱা ১০বজাৰ পৰা আবেলি ৪ বজালৈকে এই ফেৰী সেৱা অব্যাহত থাকিব। ইফালে অম্বুবাচীৰ মহা প্ৰবৃত্তি আৰম্ভ হোৱাৰ লগে লগে হ'ব যাত্ৰীৰ সংখ্যাও বৃদ্ধি হ'ব আৰু তাৰ বাবে প্ৰস্তুতিয়ো ইতিমধ্যেই সম্পূৰ্ণ কৰি তোলা বুলি জানিব দিছে ফেৰী দুখনৰ কৰ্মচাৰীয়ে।ইফালে  যাত্ৰীসকলে ফেৰী দুখনত ২০টকাতে অহা যোৱা কৰিব পাৰিব বুলিও জানিব দিছে বিভাগীয় কৰ্তৃপক্ষই।

Your Comments