পথ বহলোৱাৰ নামত উত্তৰ গুৱাহাটীত কাটি পেলোৱা হ'ল বহু পুৰণি বৃক্ষ:গছপুলি ৰোপণৰ অভিযান চলাব যুৱ সংগঠনে

gos

উত্তৰ গুৱাহাটীৰ প্ৰধান পথ এআৰবি পথ বহল কৰাৰ স্বাৰ্থত বিগত এসপ্তাহত উত্তৰ গুৱাহাটীত গড়কাপ্তানী বিভাগ,বন বিভাগ,জিলা প্ৰশাসনৰ উদ্যোগত কাটি পেলোৱা হ'ল ২৫ জোপাতকৈ অধিক বিভিন্ন প্ৰজাতিৰ বহু বছৰৰ পুৰণি গছ।ইয়াৰ ভিতৰত কেইবাজোপা গছ এশ বছৰৰো পুৰণি আছিল।


উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড,ৰংমহল আদি এলেকাৰ লুইত কাষৰীয়া এআৰবি পথৰ কাষৰ আঁহত, চেগুন,কৃষ্ণচূড়া আদি বৃহৎ গছসমূহ পথ বহলোৱাৰ নামত এনেদৰে  কাটি পেলোৱাত এতিয়া উত্তৰ গুৱাহাটীবাসীয়ে যথেষ্ট দুখ অনুভৱ কৰিছে।উল্লেখ্য যে এই পুৰণি গছসমূহৰ সৈতে উত্তৰ গুৱাহাটীবাসীৰ এটা আত্মিক সম্পৰ্ক আছিল।উত্তৰ গুৱাহাটীৰ ইতিহাসৰ সৈতে অভিন্ন সম্পৰ্ক আছিল এই বৃক্ষসমূহৰ।উত্তৰ গুৱাহাটীৰ কেইবাটাও প্ৰজন্ম এই গছসমুহৰ সুশোভিত ৰূপ দেখিয়েই ডাঙৰ-দীঘল হৈছিল।গতিকে,বিগত এসপ্তাহ ধৰি উত্তৰ গুৱাহাটীৰ জনসাধাৰণৰ মাজত বৃক্ষ-মৃত্যুৰ বাবে একপ্ৰকাৰ শোকৰ ছাঁ পৰিছে।


উল্লেখ্য যে উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা আৰু অঞ্চলটোৰ একাংশ প্ৰকৃতিপ্ৰেমী নাগৰিকে গছসমূহ কটাত যথেষ্ট আপত্তি প্ৰদৰ্শন কৰিছিল যদিও গড়কাপ্তানী বিভাগ আৰু প্ৰশাসনে গছ কটা অব্যাহত ৰাখিছে।এনেদৰে বহু বৃক্ষ এসপ্তাহৰ ভিতৰতে ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰাটো নিশ্চিত হৈছে।ইয়াৰ পৰা হাত সাৰিবলৈ অঞ্চলটোত ব্যাপক বৃক্ষ ৰোপণ অভিযান আৰম্ভ কৰাৰ পোষকতা কৰিছে সচেতন অঞ্চলবাসীয়ে।সচেতন অঞ্চলবাসীয়ে বন বিভাগক অতি শীঘ্ৰে সমগ্র অঞ্চলটোত যথেষ্টসংখ্যক গছপুলি ৰোৱাৰ বাবে দাবী জনাইছে।

gos
ইফালে,উত্তৰ গুৱাহাটীৰ সচেতন যুৱ প্ৰজন্মৰ সংগঠন 'সচেতন যুৱ মঞ্চ'ই শুকুৰবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক  সাক্ষাৎ কৰি উত্তৰ গুৱাহাটীত সাম্প্ৰতিক সময়ত ব্যাপক হাৰত গছপুলি ৰোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে আৰু এখন স্মাৰকপত্ৰ প্ৰদান কৰে।সচেতন যুৱ মঞ্চই আৰম্ভ কৰিব লগা গছপুলি ৰোপণৰ অভিযানত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে উপায়ুক্তই।

Your Comments