মোডীয়ে ডিঙিত গামোচাখন লৈ মূৰ্খ সজাইছে অসমৰ ৰাইজক-তৰুণ গগৈ

gogoi

'নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তি ভংগ কৰিছে।এই বিলখনে অসমীয়া অথবা বাংলা ভাষা- কৃষ্টিৰ একো সহায় নকৰে।এই বিলখন আনি অসমীয়া আৰু বাঙালী মানুহৰ মাজত মিছাতে ভুল বুজাবুজি কৰিবলৈ বিচাৰিছে।শৰণাৰ্থীৰ শিবিৰত মুছলমানতকৈ হিন্দু লোকৰ সংখ্যা বেছি। আমাৰ আকৌ চৰকাৰ আহিলে সূতা-চাইকেল দিমেই।'শুকুৰবাৰে এখন সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। 


সংবাদমেলখনত গগৈয়ে আৰু কয় যে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিয়ে ভাষণত নাগৰিকত্ব বিধেয়কখন অনাৰ কথা উল্লেখ কৰিছে।কিন্তু বিজেপিক অসমৰ ৰাইজে বিপুল ভোটত জয়ী কৰা মানে অসমৰ ৰাইজে বিলখন সমৰ্থন কৰাটো নুবুজাই। যদি তেওঁলোকে এই কথাত অসমৰ ৰাইজৰ সমৰ্থন আছে বুলি ভাবিছে,তেনেহলে একেবাৰে ভুল ভাবিছে। আচলতে তেওঁলোকক ইমান ভোট দিয়াটো উচিতো হোৱা নাই । 


গগৈয়ে পুনৰ কয়-ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ উদাহৰণ এটাও নাই। বাংলাদেশীসকলে  কৈছে আমি ইয়াত সুখেৰে আছোঁ  । যদি কোনোলোক আহিব বিচাৰিছে,তেনেহলে এনেই আহক,তাৰ কাৰণে বিলখন অনাৰ কি দৰকাৰ। 


তৰুণ গগৈয়ে আৰু কয় যে যদি পাঁচ বছৰে অনুপ্ৰৱেশ হৈয়েই আছে,তেনেহলে ই সীমা সুৰক্ষাৰ ব্যৰ্থতাৰ কথাহে উদঙাই দিছে। তেওঁলোক কৰ্তব্য কৰাত ব্যৰ্থ হৈছে। নহলে গৰুৰ ছিণ্ডিকেট কেনেকৈ হৈছে।সকলো মানুহে এতিয়া এনআৰচিক লৈ সন্দেহ কৰিছে।এইখন এখন শুদ্ধ এনআৰচি নহয়।ভোটৰ তালিকাত নাম থকা মানুহৰ নাম এনআৰচিত নাই।এইটো এতিয়া চৰকাৰে নিৰ্ণয় কৰিব লাগে যে সাধাৰণ মানুহে ভোটাৰ তালিকাখন মানিব লাগে নে এনআৰচিখন মানিব লাগে?ভোটৰ তালিকা আৰু এনআৰচিৰ মিল থকাটো অত্যন্ত জৰুৰী। 


শৰণাৰ্থী কেম্পত এতিয়া  মুছলমানতকৈ হিন্দুৰ সংখ্যা বেছি।এইখন চৰকাৰে বিদেশীৰ সমস্যাটো সমাধান কৰিব বিচৰা নাই-গগৈৰ বক্তব্য।

     
অসম গণ পৰিষদে কেৱল ক্ষমতা বিচাৰে। নিজৰ মাটি- ভেটি বেছি দি হ'লেও তেওঁলোকক ক্ষমতা লাগে। আঞ্চলিক দলৰ নামত সাধাৰণ ৰাইজক ৰাম ঠগন দিছে অগপই।অগপৰ এয়া শেষ যাত্ৰা।অগপৰ শ্মশানলৈ যাবলৈ বেছি দিন নাই বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 

 
আনহাতে,আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগ দিৱসত অসমৰ গামোচাখন ডিঙিত মেৰিয়াই যোগ কৰাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়-'অসমৰ মানুহবোৰ বেছি আৱেগিক,সেয়েহে গামোচাখনক লৈ মোডীয়ে সদায় মূৰ্খ সজাই আছে। তেওঁক ভাষণটো লিখি দিয়ে, তেওঁ কেৱল ভাষণটো দিহে যায়,তাৰ পিছত কোন শংকৰদেৱ কোন আজান ফকীৰ তেওঁ পাহৰি যায়।'


তৰুণ গগৈয়ে পুনৰ বক্তব্য প্ৰকাশ কৰে-বিজেপিয়ে স্বচ্ছ ভাৰত আৰু স্মাৰ্ট চিটিৰ কথা কৈ থাকে।কিন্তু এইবোৰ একো একোটা শ্লোগান।স্বচ্ছ ভাৰতে গুৱাহাটীখন লেতেৰাহে কৰিলে।স্মাৰ্ট চিটী ভাৰতৰ ক'তোৱেই এতিয়ালৈকে হোৱা নাই। এই চৰকাৰখন সুবিধালোভী আৰু ক্ষমতালোভী।   
  

সিদ্ধাৰ্থ ভট্টাচাৰ্যই সূতাৰ ৰাজনীতি নকৰোঁ বুলি কয়। তেনেহলে মন্ত্ৰীৰ ঘৰত ক'ৰ পৰা সূতা আহিল। আমাৰ চৰকাৰ আহিলে আকৌ সূতা দিম।অসমৰ শিপিনীক সূতা নিদিলে কি মেখেলা চাদৰ দিব নেকি।তেওঁলোকে কামবোৰ মনে মনে কৰে। তেওঁৰ সমৰ্থকসকলে ছিণ্ডিকেটৰ কামবোৰ কৰি আছে বুলিও গগৈয়ে মন্তব্য কৰে।

Your Comments