বি বৰুৱা মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ সজাগতা সভা

dg

দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছ সেৱনৰ বিৰুদ্ধে গুৱাহাটীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধিৰ চেষ্টা চলাইছে অসম আৰক্ষী আৰু অপৰাধ তদন্ত শাখাই।সেই উদ্দেশ্যেৰে মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।। 
  

 উক্ত অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীক মৃত্যুমুখী ড্ৰাগছৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায়। 
  

শইকীয়াই মন্তব্য কৰে যে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।বিশেষকৈ নাটক অথবা অন্য সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ চেষ্টা অনা হৈছে।সমগ্ৰ অসমতেই ইতিমধ্যে এই সজাগতা অভিযান আৰম্ভ কৰা হৈছে। 
d 19    

ড্ৰাগছৰ চাহিদা হ্ৰাস কৰিবলৈ তথা ড্ৰাগছৰ অবৈধ যোগান বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে এই সজাগতা অনুষ্ঠান আৰম্ভ কৰিছে বুলি শইকীয়াই উল্লেখ কৰে।তেওঁ  জনায় যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছৰ লগত জড়িত বহুতো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাইজৰ অংশগ্ৰহণে আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে এই অভিযানত অধিক উৎসাহ যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। 
    
       

আনহাতে উক্ত সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰক্ষী আয়ুক্ত দীপক কুমাৰে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত এনেধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে। তেওঁ লগতে কয় যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ যি বয়স,সেই বয়সত ড্ৰাগছৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়। গতিকে তেওঁলোকৰ মাজত সজাগতা আনিব লাগিব।
 d 19   

অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলে ড্ৰাগছ তথা সমাজৰ কুসংস্কাৰৰ বিৰুদ্ধে এখন নাটকো মঞ্চস্থ কৰে। 


উক্ত অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু অপৰাধ তদন্ত শাখাৰ সঞ্চালক প্ৰধান এল আৰ বিষ্ণই উপস্থিত থাকে।

Your Comments