নিউজ ডেস্ক :
শিক্ষামন্ত্ৰীৰ এটা শব্দই জ্বলাইছে এতিয়া ৰাজ্যৰ শিক্ষক সমাজক। আজি ৰাজ্যজুৰি টেট শিক্ষকে গ্ৰহন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। ৪১হাজাৰ টেট শিক্ষকে আজি ছাত্ৰ-ছাত্ৰীক এৰি ওলাই আহিব ৰাজপথলৈ।প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আজি টেট শিক্ষক সকলে সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী।ফলত আজি দিনটোৰ বাবে ব্যাহত হৈ পৰিব ৰাজ্যৰ ৩৯ হাজাৰ বিদ্যালয়ৰ পাঠদানৰ কাৰ্যসূচী। উল্লেখ যে কেইদিন মানৰ পূৰ্বে টেট শিক্ষক সকলক ড্ৰাইভাৰৰ সৈতে তুলনা কৰি এক মন্তব্য প্ৰকাশ কৰিছিল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।তাৰ পিছতেই টেট শিক্ষক সকলে ঘোষণা কৰিছিল এক প্ৰতিবাদী কাৰ্যসূচীৰ।তাৰেই আজি বাস্তবায়ন ঘটিব সমগ্ৰ ৰাজ্যজুৰি।তেওঁ লোকৰ দাবী ৰাজ্যৰ টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰাৰ ব্যৱস্থা কৰাৰ লগতে শিক্ষামন্ত্ৰীয়ে টেট শিক্ষক সকলৰ আগত নিজৰ ভুল স্বীকাৰ কৰক আৰু ড্ৰাইভাৰ শব্দ উঠাই লওক।
উল্লেখ্য যে অহা ২৯জুনত টেট শিক্ষক সকলে দিছ্পুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰি থৈছে।
- Log in to post comments
- 18 views