শংকৰদেৱ শিশু নিকেতন,উত্তৰ গুৱাহাটীৰ নতুন 'মাতৃ গোট' গঠন

matri

শংকৰদেৱ শিশু নিকেতন,উত্তৰ গুৱাহাটীত নতুন 'মাতৃ গোট' গঠনৰ উদ্দেশ্যেৰে শনিবাৰে এখন মাতৃ সন্মিলন অনুষ্ঠিত হয়।আজি নিকেতনৰ প্ৰধান আচাৰ্য  উৎপল তালুকদাৰৰ সভাপতিত্বত পৰিচালনা হোৱা সভাত পুৰণি মাতৃভাৰতীয়ে পদত্যাগ কৰে আৰু নতুন 'মাতৃভাৰতী' গঠন কৰা হয় । 


সভাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী  আৰু উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই মাতৃ ভাৰতীৰ উদ্দেশ্য আৰু কৰ্তব্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। উক্ত সন্মিলনত পুৰণি মাতৃ গোটৰ সভানেত্ৰী আৰু সম্পাদিকাই পদত্যাগ কৰি নতুন মাতৃ গোটক আদৰণি জনোৱাৰ লগতে বিগত সময়ছোৱাত তেওঁলোক সফল হোৱা বুলি মত ব্যক্ত কৰে।

bb
নতুন মাতৃ গোটৰ সভানেত্ৰী হিচাপে ডলি ডেকা আৰু সম্পাদিকা গীতালী পাঠকৰ নামটো সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে।নতুন সভানেত্ৰী আৰু আৰু সম্পাদিকাই অনাগত দিনত মাতৃ গোটৰ উন্নতিৰ হকে নিস্বাৰ্থভাৱে  কাম কৰি যাব বুলি মত প্ৰকাশ কৰে ।

Your Comments