উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হিন্দু সাম্ৰাজ্য দিৱস উদযাপন 

rss

আজি হিন্দু সম্ৰাজ্য দিৱস। শনিবাৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই দেশৰ প্ৰতি শাখাতে  হিন্দু সম্ৰাজ্য দিৱস উদযাপন কৰিছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই বছৰি উদযাপন কৰা ৬ টা মুখ্য উৎসৱৰ ভিতৰত হিন্দু সাম্ৰাজ্য দিৱস অন্যতম। বিক্ৰম সংবৎ ১৭৩১ চনৰ জেঠ মাহৰ শুক্লা ত্ৰয়োদশী তিথিত মহাৰজা ছত্ৰপতি শিৱাজীৰ ৰাজঅভিষেক ঘটিছিল। ছত্ৰপতি শিৱাজীৰ ৰাজঅভিষেকৰ এই তিথিটো বিশ্বৰ সৰ্বপ্ৰথম হিন্দু সাংস্কৃতিক বাহক আৰু ধাৰক স্বৰূপ তথা পন্থা নিৰপেক্ষ আধ্যাত্মিক হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা সংকল্পনা দিৱসৰূপে সমগ্ৰ ভাৰতবৰ্ষতে পালিত হয়।শনিবাৰে উত্তৰ গুৱাহাটীতো হিন্দু সাম্ৰাজ্য দিৱস পুৱাৰে পৰা উদযাপন কৰা হয়। ৰজাদুৱাৰ দৌল গোবিন্দ শাখাত বৌদ্ধিক প্ৰদান কৰে নগৰ কাৰ্যনিৰ্বাহক অনিৰ্বাণ গোস্বামীয়ে ।গোস্বামীয়ে এই দিৱসৰ তাৎপৰ্যক সুন্দৰ-সৰল ভাষাৰে উপস্থিত স্বয়ংসেৱকসকলৰ আগত ব্যক্ত কৰে।

 

দৌলগোবিন্দ শাখাৰ উপৰিও উত্তৰ গুৱাহাটী কলেজ খেলপথাৰত স্বামী বিবেকানন্দ শাখা বৌদ্ধিক প্ৰদান কৰে মহানগৰ প্ৰচাৰ প্ৰমুখ ফণীন্দ্ৰ বুজৰবৰুৱাই,আইআইটি মিলন শাখাত বৌদ্ধিক প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদক সুৰেন্দ্ৰজীয়ে, আমিনগাঁও শৰাইঘাট শাখাত   ড:ভাস্কৰ জ্যোতি শৰ্মাই।এই উপলক্ষে প্ৰতি শাখাতে যথেষ্টসংখ্যক ন-পুৰণি স্বয়ংসেৱক উপস্থিত থাকে।

Your Comments