দেওবাৰে অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সভা

le

অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ  সভা-২০১৯ৰ অহা ১৬ জুনত আয়োজন কৰা হৈছে।


ৰাজ্যিক সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনোৱা মতে এইবাৰৰ সাধাৰণ সভাখন ১৬ জুন ৰবিবাৰে দিনৰ ১০  বজাৰ পৰা নলবাৰী চাৰ্কিট হাউচ পথত অৱস্থিত শংকৰদেৱ শিশু আৰু দেৱেন্দ্ৰ চন্দ্ৰ প্ৰভা বিদ্যা নিকেতনত আয়োজিত হ'ব। বাৰ্ষিক সাধাৰণ সভাখনত সদস্যসকল মিলিত হৈ যোৱা বছৰৰ কাৰ্যৰ সমীক্ষা, গঠনমূলক পৰামৰ্শ,আগন্তুক বৰ্ষৰ বাবে যোজনা প্ৰস্তুত কৰিব।


সাধাৰণ সভাখনত সকলো পূৰ্ণকালীন কৰ্মকৰ্তা আৰু সকলো সংকুল প্ৰমুখৰ লগতে সাধাৰণ সভাৰ সকলো সদস্যৰ উপস্হিত কামনা কৰা হৈছে। সবিশেষ জানিবলৈ সদস্যসকলক শান্তিৰাম ঠাকুৰীয়া,কাৰ্যালয় সচিব(৮৬৩৮১৯৪৬৬৭), সহ সচিব মাধৱ কলিতা (৯৮৫৯৫৪৩২৪৬)অথবা প্ৰধান আচাৰ্য ভৱেশ গোস্বামীক ৯৭০৬৮৮৬৫৮১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Your Comments