টুৰ্ণামেণ্ট চলি থাকোতেই নতুন ৰূপত বিশ্বকাপ ক্ৰিকেটাৰ ট্ৰফী,কেনেকৈ?

rishi

বৰষুণত ভাৰত-নিউজীলেণ্ডৰ মেচ বাতিল হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল যথেষ্ট নিৰাশ হৈ পৰিছিল।বিশ্বকাপত বৰষুণৰ প্ৰাধান্যত অসন্তুষ্টি প্ৰকাশ কৰিছিল মেগাষ্টাৰ অমিতাভ বচ্চনে।

 

এইবাৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰে টুইট কৰি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।তেওঁ এটা ট্ৰফীৰূপী ছাতিৰ ছবি টুইটাৰত দি মন্তব্য কৰিছে 'আইচিচি ক্ৰিকেট বিশ্বকাপৰ নতুন ডিজাইন'।ঋষি কাপুৰৰ টুইটটো এতিয়া ভাইৰেল হৈ পৰিছে।বিশ্বকাপৰ বৰষুণে বিৰক্তি দিয়া বহু লোকে টুইটটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Your Comments